এছ পি এম আই এ এছ একাডেমীলৈ সন্মান

বঁটা গ্ৰহণ কৰি লহকৰে অংকুৰম এনজিঅ’ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই সফলতা প্ৰতিষ্ঠানটোৰ নিষ্ঠাবান শিক্ষক আৰু পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসৰ্গা কৰে

author-image
Asomiya Pratidin
New Update
57

ডিজিটেল সংবাদ, গুৱাহাটী : অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ অসামৰিক সেৱাৰ প্ৰস্তুতিৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হোৱা আগশাৰীৰ শিক্ষানুষ্ঠান এছ পি এম আই এ এছ একাডেমীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ 'শ্ৰেষ্ঠ প্ৰশিক্ষণ কেন্দ্ৰ' (Best Coaching Institute Award) বঁটা। গুৱাহাটীৰ পাঞ্জাবাৰীস্থিত মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অংকুৰম এনজিঅ’ৰ উদ্যোগত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান প্ৰদান কৰা হয়।

WhatsApp Image 2026-02-05 at 1.06.51 PM

একাডেমীখনৰ হৈ এই সন্মানীয় বঁটা গ্ৰহণ কৰে অভিষেক লহকৰে। উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক UPSC আৰু APSCৰ বাবে পদ্ধতিগত আৰু ফলাফলমুখী নিৰ্দেশনা প্ৰদান কৰাৰ ক্ষেত্ৰত আগবঢ়োৱা অনন্য অৱদানৰ বাবে এই স্বীকৃতি প্ৰদান কৰা হৈছে।

এই বঁটা গ্ৰহণ কৰি লহকৰে অংকুৰম এনজিঅ’ক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে এই সফলতা প্ৰতিষ্ঠানটোৰ নিষ্ঠাবান শিক্ষক আৰু পৰিশ্ৰমী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে উৎসৰ্গা কৰে। তেওঁ কয় যে এই সন্মানে ভৱিষ্যতে অঞ্চলটোৰ পৰা অধিক দক্ষ, নৈতিক আৰু সামাজিকভাৱে দায়বদ্ধ অসামৰিক বিষয়া গঢ়ি তোলাৰ ক্ষেত্ৰত একাডেমীখনক অধিক উৎসাহিত কৰিব।

গুৱাহাটী