এটা চিগাৰেটৰ বাবেই ৩২মহলীয়া ৭টা অট্টালিকাত লাগিল জুঁই, প্ৰাণ গ'ল ১২৮গৰাকীৰ...VIDEO

হংকঙৰ বিধ্বংসী অগ্নিকাণ্ডত এতিয়ালৈকে ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।  হংকঙৰ ইতিহাসত এইটো হৈছে দ্বিতীয়টো বৃহৎঅগ্নিকাণ্ড। ৭টাকৈ সুউচ্চ অট্টালিকাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছতে এতিয়াও ডেৰ

author-image
Asomiya Pratidin
New Update
hhhhd

ডিজিটেল ডেস্কঃ হংকঙৰ বিধ্বংসী অগ্নিকাণ্ডত এতিয়ালৈকে ১০০ৰো অধিক লোকৰ মৃত্যু হৈছে।  হংকঙৰ ইতিহাসত এইটো হৈছে দ্বিতীয়টো বৃহঅগ্নিকাণ্ড। ৭টাকৈ সুউচ্চ অট্টালিকাত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ পাছতে এতিয়াও ডেৰ শতাধিক লোক সন্ধানহীন হৈ আছে। 

হংকঙত সংঘটিত হোৱা বৃহৎ অগ্নিকাণ্ডৰ জুইৰ জুই এতিয়াও বিয়পি আছে অঞ্চলটোত । এই অগ্নিকাণ্ডই হংকঙকে ধৰি সমগ্ৰ বিশ্বকে স্তম্ভিত কৰি তুলিছে। এইটো দশক দশক ধৰি সংঘটিত হোৱা অন্যতম ভয়াৱহ অগ্নিকাণ্ড, য’ত ১২৮ জনকৈ  লোকৰ মৃত্যু হৈছে।

এই অগ্নিকাণ্ড সংঘটিত হৈছিল ৩২ মহলীয়া আঠটা টাৱাৰৰ এই পুৰণি আৱাসিক কমপ্লেক্সত, অধিকাংশ বাসিন্দা আছিল বৃদ্ধ। এতিয়া এই দুৰ্ঘটনাৰ পূৰ্বে এটা ভিডিঅ’ ওলাইছে য’ত এজন শ্ৰমিকক ধূমপান কৰা দেখা গৈছে।  ছ’চিয়েল মিডিয়াত এটা ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে জুই হয়তো চিগাৰেটৰ দ্বাৰা আৰম্ভ হৈছিল।

আৰ টি ইণ্ডিয়াই পোষ্ট কৰা এই ক্লিপটোত অগ্নিকাণ্ড সংঘটিত হোৱাৰ কিছু সময়ৰ পূৰ্বে হংকঙৰ ৱাং ফু ক’ৰ্টৰ বাহিৰৰ দেৱালৰ কাষত শ্ৰমিকসকলে ধূমপান কৰা দেখা গৈছে। কৰ্তৃপক্ষই এই দাবী নিশ্চিত কৰা নাই, আৰু জুইৰ আনুষ্ঠানিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। 

উল্লেখ কৰা প্ৰয়োজন যে, এই আটাইকেইটা অট্টালিকাৰ নতুনকৈ পুণঃনিৰ্মাণ কৰাৰ কাম চলি আছিল। যাৰ বাবে সেউজীয়া প্লাষ্টিকৰ আৱৰণেৰে ঢাকি থোৱা হৈছিল অট্টালিকাকেইটা। ধাৰণা কৰা হৈছে যে, এই জলন্ত চিগাৰেটটোৰ পৰাই প্লাষ্টিকৰ আৱৰণত জুঁই লাগি সংঘটিত হয় এই অগ্নিকাণ্ডটো। 

অগ্নিকাণ্ড বিধ্বংসী অগ্নিকাণ্ড