/asomiyapratidin/media/media_files/2025/11/27/ikkk-2025-11-27-08-47-24.jpg)
ডিজিটেল ডেস্কঃ যোৱা ২৬নৱেম্বৰ, ২০২৫ত হংকঙত সংঘটিত হোৱা ভয়ংকৰ অগ্নিকাণ্ড এতিয়া নিৰ্বাপিত হোৱা নাই। ৭টা বহু মহলীয়া অট্টালিকাত সূত্ৰপাত হোৱা অগ্নিকাণ্ড ইটোৰ পিছত সিটো অট্টালিকালৈ প্ৰসাৰিত হৈছে। হংকঙৰ টাইপোত সংঘটিত হোৱা এই অগ্নিকাণ্ডত চৰকাৰী তথ্য মতে প্ৰায় অৰ্ধশতাধিক লোকৰ মৃত্যু হৈছে আৰু ৩শতাধিক লোক বৰ্তমানো সন্ধানহীন হৈ আছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/bc86d3a3-d74b-49d5-8726-299872edfdcc-2025-11-27-08-55-19.jpeg)
অগ্নিনিৰ্বাপক বাহিনী (এফ এছ ডি)ৰ উদ্ধৃতিৰে ৰয়টাৰে প্ৰকাশ কৰিছে যে এই বৃহৎ অগ্নিকাণ্ডৰ বাবে বহু লোক অট্টালিকাত আবদ্ধ হৈ আছে। এফ এছ ডিয়ে জনোৱা মতে, যোৱা হংকঙৰ ইতিহাসত এইটো হৈছে দ্বিতীয়টো বৃহত অগ্নিকাণ্ড। অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, এতিয়ালৈকে প্ৰায় ৯০ শতাংশ লোকক স্থানান্তৰ কৰা হৈছে। অৱশ্যে এতিয়াও বহু লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/525e31fe-249a-452e-a88d-3e45a9aaf129-2025-11-27-08-55-33.jpeg)
এই ঘটনাৰ পিছতে কেইবাটাও পথ বন্ধ কৰি দিয়া হৈছে। উল্লেখ কৰা প্ৰয়োজন যে, প্ৰায় ১৭বছৰৰ পূৰ্বে হংকঙত এনে ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/11/27/ed4cc9fd-3df8-4021-aac0-371601802962-2025-11-27-08-55-45.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us