ধুবুৰীত মৌ সংগ্ৰহৰ বাবে বাহৰ পাতিছে বহিঃ ৰাজ্যৰ মৌ-পালকে

বহিঃ ৰাজ্যৰ মৌ পালকৰ গোটে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বাহৰ পাতি সৰিয়হ ফুলৰ পৰা কুইণ্টলে কুইণ্টলে মৌ সংগ্ৰহ  কৰি উপাৰ্জন কৰে লাখে লাখে টকা।

author-image
Asomiya Pratidin
New Update
new ap web 2 (20)

ডিজিটেল ডেস্কঃ শীতকাল আৰম্ভ হোৱাৰ লগে ৰাজ্যৰ খেতিপথাৰ হালধীয়াহৈ পৰিছে সৰিয়হৰ খেতিৰে। সৰিয়হৰ হালধীয়া ফুলৰ পৰা "মৌ"উৎপাদন কৰাৰ উদ্দেশ্যে ভিৰ কৰিছে বহিঃ ৰাজ্যৰ মৌ-পালকে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জতো "মৌ"সংগ্ৰহৰ বাবে বাহৰ পাতিছে বহিঃ ৰাজ্যৰ মৌ-পালকে। ইপিনে বহিঃ ৰাজ্যৰ মৌ পালকৰ গোটে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত বাহৰ পাতি সৰিয়হ ফুলৰ পৰা কুইণ্টলে কুইণ্টলে মৌ সংগ্ৰহ  কৰি উপাৰ্জন কৰে লাখে লাখে টকা।

বহিঃ ৰাজ্যৰ পৰা অহা প্ৰায় ৪০ টাকৈ মৌ পালকৰ গোটে ধুবুৰী জিলাৰ বিভিন্ন অঞ্চলত সৰিয়হৰ খেতিত লাখ লাখ মৌ মাখি এৰি দি "মৌ" সংগ্ৰহ কৰি বহিঃৰাজ্যৰ কোম্পানীক যোগান ধৰি আহিছে কুইণ্টলে কুইণ্টলে মৌ।

পৰ্বতঝোৰা