/asomiyapratidin/media/media_files/2025/11/22/274-2025-11-22-19-53-12.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত আটক হোৱা ভিক্টৰ দাসৰ অশালীন ভাষা আৰু ব্যৱহাৰৰ বাবে ন্যায়াধীশ সঞ্জীৱ কুমাৰ মেধিয়ে কঠোৰ ভাষাৰে সমলোচনা কৰে। ন্যায়াধীশগৰাকীয়ে উল্লেখ কৰে যে যিজন ব্যক্তিয়ে নিজকে আইনৰ উৰ্ধত বুলি ভাবি লৈ এনেধৰণৰ ব্যৱহাৰ কৰে, তেওঁৰ আইনৰ ওচৰলৈ ন্যায় বিচাৰি অহাৰ প্ৰয়োজন নাই।
ন্যায়াধীশগৰাকীয়ে কয় যে ভিক্টৰ দাস ওলালে সামাজিক স্থানত টেলিভিছন বন্ধ কৰিব লগা হয়। কাৰণ তেওঁ কি কৈ দিয়ে ঠিক নাই। ইমান এজন অভদ্ৰ আৰু অশালীন ব্যক্তিক প্ৰতিনিধিত্ব কৰাটো অধিবক্তাজনৰ বাবে লাজৰ কথা বুলি উল্লেখ কৰে।
তেওঁ কয় যে ভিক্টৰৰ দৰে ব্যক্তিয়ে কোচিং চেণ্টাৰ চলাই থকাটো আৰু ভয়াৱহ কথা, কাৰণ তেওঁৰ পৰা ছাত্ৰ ছাত্ৰীয়ে অশালীন কথাকে শিকিব। প্ৰণিধানযোগ্য যে, জুবিন গাৰ্গৰ অনাকাংক্ষিত মৃত্যুৰ পাছত ভিক্টৰ দাসে ৰাজ্যৰ পৰিস্থিতি অশান্ত কৰিবলৈ উচটনিমূলক মন্তব্য আগবঢ়াই আটক হৈছিল।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us