হস্ততাঁ‌ত সমিতিক সমবায় পঞ্জীয়কৰ আওঁতাভুক্ত কৰাৰ দাবী সমবায় বিষয়া সন্থাৰ…

হস্ততাঁ‌ত সমিতিক সমবায় পঞ্জীয়কৰ আওঁতাভুক্ত কৰাৰ দাবী সমবায় বিষয়া সন্থাৰ…

author-image
asomiyapratidin
New Update
হস্ততাঁ‌ত সমিতিক সমবায় পঞ্জীয়কৰ আওঁতাভুক্ত কৰাৰ দাবী সমবায় বিষয়া সন্থাৰ…

ডিজিটেল সংবাদ, গুৱাহাটীঃ সদৌ অসম সমবায় বিষয়া সন্থাই সমবায় নীতিত চলি থকা হস্ততাঁ‌ত আৰু বস্ত্ৰশিল্প সমিতিসমূহ অতিশীঘ্ৰে সমবায় বিভাগৰ অধীনলৈ দাবী তুলিছে। বিষয়া সন্থাৰ আজি অনুষ্ঠিত এক কাৰ্যনিৰ্বাহক বৈঠকত গ্ৰহণ কৰা কেইবাটাও দাবীৰ কাৰণ ব্যাখ্যা কৰি সন্থাৰ সভাপতি আতিকুৰ ৰহমান আৰু সম্পাদক ৰাহুল গোস্বামীয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাই যে হস্ততাঁত আৰু বস্ত্ৰ শিল্প বিভাগৰ অধীনত পঞ্জীয়ন হৈ থকা সমবায় সমিতি সমূহৰ কাৰিকৰী দিশ সমূহৰ বাদে সমিতি সমূহৰ পৰিচালনা অসম সমবায় আইন ২০০৭ আৰু অসম সমবায় নিৰ্বাচনী বিধি,২০১৯ অনুসৰি অতি শীঘ্ৰে সমবায় বিভাগৰ আওঁতাভুক্ত কৰিব লাগে যিহেতু আইন অনুসৰি অসমত এজনেই পঞ্জীয়ক গতিকে অন্য কোনো বিভাগে সমবায় সমিতি পঞ্জীয়ন, হিচাব পৰীক্ষণ, নিৰ্বাচন ইত্যাদি কামবোৰ কৰিব নোৱাৰে।

Advertisment

লগতে তেওঁলোকে উল্লেখ কৰে যে বৰ্তমান সময়ত ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ চাউল বিতৰণৰ ওপৰত যি সমূহ বাতৰি পৰিবেশন হৈ আছে তাত প্ৰায়ে সমবায় বিভাগক জড়িত কৰা দেখা গৈছে কিন্তু সমবায় বিভাগৰ দ্বাৰা এই সমূহ নিৰীক্ষণ কৰাৰ কোনো ক্ষমতা নাই। গতিকে সন্থাই চৰকাৰক এই ক্ষমতা সমবায় বিভাগৰ বিষয়াক প্ৰদান কৰিবলৈ দাবী জনায় অন্যথা সমবায় সমূহক ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ সৈতে জড়িত নকৰিবলৈ আহ্বান জনায়।

ইয়াৰ লগতে সন্থাই বহু দিন ধৰি বিত্ত বিভাগত থকা বিভাগৰ পুনৰ বিন্যাসৰ কাম, ১৯৯২ চনৰ পৰাই চৰকাৰৰ ঘৰত থকা বিষয়া সকলৰ সেৱা বিধি, বিভিন্ন পদৰ পদোন্নতি ৰ কাম খৰতকীয়া কৰিবলৈ আৰু প্ৰিন্ট মিডিয়া আৰু ইলেক্ট্ৰনিক মিডিয়া যোগে প্ৰকাশিত হৈ থকা সমবায় বিভাগৰ বিভিন্ন কেলেংকাৰী সমূহৰ উচ্চ পৰ্যায়ৰ তদন্তৰ ঘোষণা কৰাৰ দাবী জনায় প্ৰস্তাৱ গ্ৰহণ কৰে। এইক্ষেত্ৰত সংশ্লিষ্ট বিভাগৰ উৰ্ধতন কৰ্তৃপক্ষৰ সুদৃঢ় পদক্ষেপ কামনা কৰিছে সদৌ অসম সমবায় বিষয়া সন্থাই যিহেতু এক নিকা তথা সুদৃঢ় সমবায় খণ্ড অবিহনে গ্ৰাম্য অসমৰ অৰ্থনৈতিক উন্নতি অসম্ভৱ।