/asomiyapratidin/media/media_files/2025/09/05/house-5-2025-09-05-12-20-55.jpg)
ডিজিটেল সংবাদ গুৱাহাটীঃ সপোনৰ ঘৰটো নিৰ্মাণ কৰাৰ বাবে এতিয়া আৰু বৰ বেছি চিন্তা কৰাৰ প্ৰয়োজন নহ’ব। কিয়নো এতিয়াৰে পৰা ঘৰ নিৰ্মাণৰ ব্যয় হ্ৰাস পাব। ৫৬ সংখ্যক জি এছ টি পৰিষদৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰে চিমেণ্টৰ ওপৰত থকা জি এছ টি ২৮ শতাংশৰ পৰা ১৮ শতাংশলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত হৈছে।
২০২৫ৰ ছেপ্তেম্বৰ ২২ৰ পৰা এই নতুন হাৰ কার্যকৰী হ’ব বুলি জি এছ টি সূচনাত প্ৰকাশ কৰা হৈছে। এই সিদ্ধান্ত পৰ্টলেণ্ড চিমেণ্ট, এলুমিনাছ চিমেণ্ট, ছলাগ চিমেণ্ট, চুপাৰ ছালফেট চিমেণ্ট আদি সকলো ধৰণৰ হাইড্ৰ’লিক চিমেণ্টৰ ওপৰত প্ৰযোজ্য হ’ব।
গ্ৰাহক কেনেকৈ লাভান্বিত হ’ব গ্ৰাহক?
আই চি আৰ এ লিমিটেডৰ ভাইচ-প্ৰেছিডেণ্ট অনুপমা ৰেড্ডীয়ে এই সন্দৰ্ভত কয়— “ চিমেণ্টৰ ওপৰত থকা জি এছ টি হ্ৰাস কৰাৰ পিছতে গ্ৰাম্য অঞ্চলৰ ঘৰ নিৰ্মাণত বিশেষভাৱে লাভ হব। এই কৰ হ্ৰাসৰ ফলত নিৰ্মাণ ব্যয় প্ৰায় ০.৮ শতাংশৰ পৰা ১ শতাংশলৈ হ্ৰাস পাব। খুচুৰা বজাৰত প্ৰতি বেগত চিমেণ্টত ২৬ ৰ পৰা ২৮ টকাকৈ হ্ৰাস পাব। অৱশ্যে এই হ্ৰাসৰ ফলত চিমেণ্ট কোম্পানীৰো লাভাংশত বৰ বেছি প্ৰভাৱ নপৰিব।”
উদ্যোগপতি নকুল বজাজৰ মতে আকৌ ,ঘৰ নিৰ্মাণত চিমেণ্ট আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান। চিমেণ্টৰ মূল্য হ্ৰাস হোৱাৰ ফলত ঘৰ নিৰ্মাণৰ খৰচ বিশেষকৈ কম আৰু মধ্যম আয়ৰ গৃহ প্ৰকল্পত প্ৰায় ৫ ৰ পৰা ৭ শতাংশ হ্ৰাস পাব।
বিশেষজ্ঞসকলৰ মতে চিমেণ্টৰ ওপৰত জিএছটি হ্ৰাসেৰে গৃহ নিৰ্মাণৰ খৰচ হ্ৰাস পোৱা মানেই নতুন ঘৰ ক্ৰয় কৰাসকলৰ বাবেও দাম কম হোৱাৰ সম্ভাৱনা আছে।তাৰোপৰি জি এছ টি হ্ৰাসৰ ফলত প্ৰতি স্কোৱেৰতো মূল্য হ্ৰাস পাব যাব ফলত নতুন প্ৰজেক্টত আকৰ্ষণীয় প্ৰি-লঞ্চ অফাৰ অহাৰ সম্ভাৱনা আছে।
কলিয়াৰ্ছ ইণ্ডিয়াৰ গৱেষণা প্ৰধান বিমল নাদাৰে এই সন্দৰ্ভত কয়, চিমেণ্টত জি এছ টি হ্ৰাসে গৃহ নিৰ্মাণৰ খৰচৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আনিব। নতুন ঘৰ কিনোতাসকল এই সিদ্ধান্তৰ ফত সৰ্বাধিক লাভাম্বিত হ’ব।
স্কুৱেয়াৰ ইয়ার্ডছৰ চি এফ অ’ পীয়ুষ বোথ্ৰাৰ মতে আকৌ জি এছ টি হ্ৰাস হোৱাৰ এই সিদ্ধান্ত ২২ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হলেও অৱশ্যে ইয়াৰ লাভজনক সুবিধা গ্ৰাহকৰ কাষ চপালৈ কিছু সময়ৰ প্ৰয়োজন হ’ব।কিন্তু বৰ্তমানৰ বৰ্ধিত গৃহ মূল্যৰ মাজতে এই পদক্ষেপে গৃহ ক্রয় ক্ষমতা বৃদ্ধি কৰিব।”
এনৰক গৱেষণাৰ মতে, ২০১৯ চনত গৃহ বিক্ৰীৰ ৩৮ শতাংশই আছিল এফৰ্ডেবল ছেগমেণ্টত।কিন্তু ২০২৪ত সেই অংশ ১৮ শতাংশলৈ হ্ৰাস পাইছিল। নতুন যোগানো ২০১৯ ৰ ৪০ শতাংশৰ পৰা ২০২৫ৰ প্ৰথম ছয় মাহত ১২ শতাংশলৈ হ্ৰাস পাইছে।
এনৰেক গৱেষণাত উল্লেখ কৰা মতে “যদি নিৰ্মাণ খৰচৰ এই হ্ৰাসে গৃহ মূল্যত প্ৰভাৱ পেলায়, তেন্তে এফৰ্ডেবল হাউছিঙত নতুন চাহিদা বৃদ্ধি পাব। বৰ্তমান ভাৰতত প্ৰায় ১ কোটি বাজেট ঘৰ ঘাটিত আছে। এনে সিদ্ধান্তই সেই ঘাটি পূৰণত সহায় কৰিব।”
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us