সকলো চৰকাৰী অনুষ্ঠানত ৰাষ্ট্ৰীয় সংগীতৰ আগতে বাজিব 'বন্দে মাতৰম'...

বন্দে মাতৰম সন্দৰ্ভত জাৰি কৰা হৈছে নতুন গাইডলাইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন গাইডলাইন অনুসৰি বন্দে মাতৰমৰ বাবে এতিয়াৰে পৰা প্ৰতিগৰাকী নাগৰিক থিয় হোৱাটো বাধ্যতামূলক হ’ব। বন্দে মাতৰম পৰিৱেশন

author-image
Asomiya Pratidin
New Update
ijjd

ডিজিটেল ডেস্কঃ বন্দে মাতৰম সন্দৰ্ভত জাৰি কৰা হৈছে নতুন গাইডলাইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ নতুন গাইডলাইন অনুসৰি বন্দে মাতৰমৰ বাবে এতিয়াৰে পৰা প্ৰতিগৰাকী নাগৰিক থিয় হোৱাটো বাধ্যতামূলক হ’ব। বন্দে মাতৰম পৰিৱেশন আৰু শুৱাৰ সময়ত সকলো থিয় হৈ থাকিবই লাগিব।

অৱশ্যে চিনেমা হ'লত এই নিয়মক কিছু ৰেহাই দিয়া হৈছে।  কিন্তু চৰকাৰী অনুষ্ঠানত বা বিদ্যালয়ত এই নিয়ম কঠোৰভাৱে পালন কৰিব লাগিব।  দেশৰ সকলো ৰাজ্য, কেন্দ্ৰীয় শাসিত অঞ্চল, মন্ত্ৰালয়, আৰু সাংবিধানিক সংস্থালৈ এই ১০পৃষ্ঠা জোৰা নিৰ্দেশনা জাৰি কৰিছে। 

চৰকাৰী অনুষ্ঠানত ৩ মিনিট ১০ ছেকেণ্ডৰ বন্দে মাতৰম গোৱাটো বাধ্যতামূলক কৰা হৈছে। যিকোনো অনুষ্ঠানত জাতীয় সংগীতৰ পূৰ্বে বন্দে মাতৰম বজাই দিয়া হ’ব আৰু গীতৰ সময়ত মানুহে থিয় দি থাকিব লাগিব বুলিও ১০ পৃষ্ঠাৰ আদেশত স্পষ্ট কৰি দিয়া হৈছে। গীতটো বজাব পৰা অনুষ্ঠান আৰু স্থানৰ তালিকাও উল্লেখ কৰা হৈছে। এই তালিকাত বিদ্যালয়ৰ সভাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। 

যদি তথ্যচিত্ৰৰ কোনো অংশৰ সময়ত জাতীয় সংগীত বজোৱা হয়, তেন্তে থিয় হোৱাৰ প্ৰয়োজন নাই। ইয়াৰ ফলত জাতীয় সংগীতৰ মৰ্যাদা বৃদ্ধি হোৱাতকৈ বিশৃংখলতা আৰু বিভ্ৰান্তিৰ সৃষ্টি হ’ব বুলি উল্লেখ কৰা হৈছে।  এই চৰকাৰী প্ৰচেষ্টাক বন্দে মাতৰমক জনপ্ৰিয় কৰাৰ এক পদক্ষেপ হিচাপে গ্ৰহণ কৰা হৈছে বুলি কোৱা হৈছে।  

কেন্দ্ৰীয় চৰকাৰ