/asomiyapratidin/media/media_files/2026/02/21/new-ap-we-2026-02-21-16-27-15.jpeg)
ডিজিটেল ডেস্কঃ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি সোণাপুৰৰ কচুতলীত উপস্থিত হৈ 10th APBnৰ মুখ্য কাৰ্যালয় চৌহদৰ শিলান্যাস কৰে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি গৃহমন্ত্ৰী গৰাকীয়ে কয়—এই পদক্ষেপ অসম আৰু সমগ্ৰ দেশৰ সুৰক্ষাৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি। অবৈধ দখলমুক্ত ভূমিত দেশৰ সুৰক্ষাত নিয়োজিত জোৱানসকলৰ বাবে আৱাস নিৰ্মাণ কৰা হ’ব বুলিও অমিত শ্বাহে ঘোষণা কৰে।
ভাষণৰ আৰম্ভণিতে গৃহমন্ত্রী গৰাকীয়ে মা কামাখ্যাক প্ৰণাম জনোৱাৰ লগতে গুৰুজন, লাচিত বৰফুকন আৰু কনকলতা বৰুৱাক স্মৰণ কৰে। তেওঁ কয়, কেন্দ্রীয় চৰকাৰে অসমত ১৫ লাখ কোটি টকাৰ উন্নয়নমূলক কাম কৰিছে আৰু আগন্তুক পাঁচ বছৰত অসম উত্তৰ-পূবৰ ঔদ্যোগিক কেন্দ্ৰ হিচাপে পৰিণত হ’ব।
ইফালে, অনুপ্ৰৱেশৰ প্ৰসংগত কংগ্ৰেছক কঠোৰ সমালোচনা কৰি অমিত শ্বাহে কয়, কংগ্ৰেছৰ শাসনকালত অনুপ্ৰৱেশকাৰীয়ে জনগাঁথনিক সলনি কৰিছিল। ধুবুৰী, বৰপেটা, নগাঁও আদি কেইবাখনো জিলা অনুপ্ৰৱেশকাৰীৰ কৱলত পৰিছিল বুলি অভিযোগ তোলে। লগতে, কংগ্ৰেছক তেওঁ প্ৰত্যাহ্বান জনাই কয়—অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ স্পষ্ট প্ৰতিশ্ৰুতি ঘোষণা কৰক।
একেদৰে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিশ্ৰুতি পূৰণত সংকল্পবদ্ধ বুলি উল্লেখ কৰি পুনৰ পাঁচ বছৰৰ বাবে বিজেপিক শাসনলৈ আনিবলৈ আহ্বান জনায় কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে। কংগ্ৰেছৰ সময়ছোৱাত ৭খন জিলাত হিন্দু জনসংখ্যা ৪৮ লাখৰ পৰা ৩৬ লাখলৈ হ্ৰাস পোৱা বুলি দাবী কৰি তেওঁ কয়—এই পাপৰ পৰা অসমবাসীক মুক্ত কৰিব বিজেপি চৰকাৰে।
আনহাতে, বান নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰি অমিত শ্বাহে কয়—ব্ৰহ্মপুত্ৰ অসমৰ বাবে আশীৰ্বাদস্বৰূপ হ’লেও বাৰিষাত ধ্বংস মাতি আনে। আগন্তুক ৮ বছৰত অসমক বানমুক্ত কৰাৰ লক্ষ্য লোৱা হৈছে। বৃহৎ পুখুৰীত পানী সংৰক্ষণ, ছেটেলাইট জৰিয়তে অধ্যয়ন আদি ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us