/asomiyapratidin/media/media_files/2025/12/29/544-2025-12-29-20-28-52.jpg)
ডিজিটেল ডেস্ক : অসমৰ ইতিহাসৰ পাতত ২৯ ডিচেম্বৰ ২০২৫, সোমবাৰৰ দিনটো অসমবাসীৰ বাবে বিশেষ হৈ ৰ’ব। কিয়নো আজিৰ এই দিনটোতে অসম আৰু অসমবাসীয়ে লাভ কৰিলে একাধিক কালজয়ী প্ৰকল্প। আজিৰ এই কেউটা প্ৰকল্প শুভ উদ্বোধন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-2025-12-29-20-30-18.jpeg)
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী পুৱাই অসমত পদাৰ্পণ কৰে আৰু তেওঁক মুখ্যমন্ত্ৰীয়ে উষ্ম আদৰণী জনায়। ইয়াৰ পাছতে তেওঁ আজিৰ মূল কাৰ্যসূচী তথা অসমবাসীৰ বহুদিনীয়া সপোন বটদ্ৰৱা প্ৰকল্প উদ্বোধনৰ বাবে প্ৰকল্পস্থলীলৈ ৰাওনা হয়।
শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্র আৱির্ভাৱ ক্ষেত্র তথা বটদ্ৰৱাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পৱিত্র গুৰু আসনৰ প্ৰতিকৃতিৰ সৈতে অসমৰ চহকী সংস্কৃতিৰ পৰিচয় স্বৰূপ মুখাশিল্প, গামোচা, পাটৰ চেলেং চাদৰেৰে আদৰণি জনায়। ইয়াৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আজিৰ মূল কাৰ্যসূচী বটদ্ৰৱা প্ৰকল্প উদ্বোধন কৰি অসমৰ ভক্তপ্ৰাণ ৰাইজলৈ মুকলি কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-image-20-2025-12-29-20-30-31.jpeg)
আজিৰ এই মাংগলিক অনুষ্ঠানটিত কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে কয়- "অসম এতিয়া আন্দোলনৰ ভূমিৰ পৰিৱৰ্তে বিকাশৰ ভূমিলৈ ৰূপান্তৰ হৈছে৷ অসম এতিয়া পূৰ্বভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিচিত হৈ দেশৰ বিকাশৰ পথৰ অংশীদাৰ হৈছে৷"
"মই শ্ৰীমন্ত শংকৰদেৱৰ ভূমিত থাকি ক'ব বিচাৰিছোঁ- ভাৰতীয় জনতা পাৰ্টিৰ সংকল্প হৈছে কেৱল অসমেই নহয়, সম্পূৰ্ণ ভাৰততে আমি বিচাৰি বিচাৰি এজন এজনকৈ অনুপ্ৰৱেশকাৰীক নিজ ঠাইলৈ বিতাড়ন কৰিম৷ একেদৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়- “আজি অসমীয়াৰ প্রাণ প্রতিষ্ঠাতা শ্রীমন্ত শংকৰদেৱ গুৰুজনাৰ মহাবিশাল ঐতিহ্যক সংৰক্ষণৰ বাটেৰে প্রতিগৰাকী বৈষ্ণৱৰ সামূহিক ইচ্ছাই ইতিহাস ৰচনা কৰিলে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsap-2025-12-29-20-30-45.jpeg)
কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৱির্ভাৱ ক্ষেত্ৰ উদ্বোধনৰ জৰিয়তে অসমৰ পৰমপূজ্য শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ জন্মস্থানৰ গৌৰৱক বিশ্বজনীন কৰাৰ আমাৰ প্রয়াসে নতুন প্রাণ পালে। এই পৱিত্ৰ ভূমিতে নৱবৈষ্ণৱ ধৰ্মৰ নৱপ্রজ্জ্বলিত বন্তিগছিয়ে অসমৰ সামাজিক বিবেকক প্ৰতিষ্ঠা কৰিছিল।
কিন্তু আমাৰ দুর্ভাগ্য আছিল যে এই পৱিত্র ভূমিক ‘অচিনাকি’ বেদখলকাৰীয়ে আগ্রাসন কৰি অসমৰ সামাজিক গাঁথনিলৈ প্রত্যাহ্বান কঢ়িয়াইছিল। আমি সংকল্প লৈছিলোঁ— আমাৰ পৰিচয়ক আমি পুনৰুদ্ধাৰ কৰিমেই কৰিম। এনেকৈয়ে কেইবছৰমান পূৰ্বে আৰম্ভ হৈছিল গুৰুজনাৰ আৱির্ভাৱ ক্ষেত্রক পুনৰুদ্ধাৰ কৰি ভব্য প্রকল্পটিৰ নির্মাণ যাত্রা। “
এই কাৰ্য সূচাৰুৰূপে সম্পন্ন কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৫হাজাৰ আসন থকা জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰ ৰাইজলৈ উছৰ্গা কৰে। এই আন্তৰ্জাতিক প্ৰেক্ষাগৃহটো প্ৰায় ২৯১ কোটি টকাৰে নিৰ্মাণ কৰা হৈছে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-im-2025-12-29-20-30-57.jpeg)
এই প্ৰকল্প উদ্বোধন কৰাৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বিষ্ণুপ্রসাদ ৰাভাৰ পৰা জ্যোতিপ্রসাদ আগৰৱালালৈ আৰু গোপীনাথ বৰদলৈৰ পৰা ভূপেন হাজৰিকা, জুবিন গার্গলৈ সুঁৱৰি বক্তব্যৰ শুভাৰম্ভ কৰে। তাৰোপৰি এই অসম ভ্ৰমণৰকালচোৱাত গুৱাহাটীৰ আৰক্ষী আয়ুক্তৰ কাৰ্যালয় ভৱন আৰু স্বয়ংচালিত নগৰ নিৰীক্ষণ ব্যৱস্থা উদ্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ইয়াৰ অধীনত ২,০০০টা CCTV কেমেৰা সংস্থাপন কৰা হৈছে।
প্রায় ৩০০ কোটি টকা ব্যয়সাপেক্ষ এই দুই নতুন সংযোজনে সুৰক্ষা, নিৰাপত্তা, বহনক্ষমতা আৰু ৰাজহুৱা সুবিধা সুনিশ্চিত কৰিব। বিশেষকৈ আৰক্ষী আয়ুক্তৰ এই ভৱনে সমসাময়িক কাৰিকৰী মান আৰু বৰ্ধিত ৰাজহুৱা অভিজ্ঞতাৰ সৈতে ৰাজ্যৰ জনসাধাৰণৰ বাবে একে চালিৰ তলতে আৰক্ষী বিভাগৰ মুখ্য সা-সুবিধাসম্পন্ন গুৰুত্বপূৰ্ণ স্থান হিচাপে কাম কৰিব বুলি গভীৰভাৱে আশা প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/29/whatsapp-2025-12-29-20-31-10.jpeg)
উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত উদ্বোধন কৰা এই সমূহ প্ৰকল্পৰ উপৰি কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে বৰাগাঁৱৰ ছদিহ স্মাৰক ক্ষেত্ৰত উপস্থিত থাকে। তাত তেওঁ ঐতিহাসিক অসম আন্দোলনৰ ৮৬০গৰাকী অমৰ শ্বহীদৰ পুণ্য স্মৃতিত গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। এই আটাইকেটা প্ৰকল্প ৰাইজৰ বাবে উছৰ্গা কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সন্ধিয়াই নতুন দিল্লীলৈ বুলি উৰা মাৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us