/asomiyapratidin/media/media_files/2025/08/28/amit-shah-2025-08-28-20-42-18.jpeg)
ডিজিটেল ডেস্কঃ গুৱাহাটীত উপস্থিত হ’লহি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। বৰঝাৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা কেন্দ্ৰীয় মন্ত্ৰীগৰাকী মালিগাঁৱৰ মাজেৰে আহি জি এছ ৰোডেৰে ছয়মাইল হৈ বশিষ্ঠস্থিত বাজেপেয়ী ভৱনলৈ যাত্ৰা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।
উল্লেখ্য যে, বিয়লি অহা এজাৰ বৰষুণৰ বাবে এতিয়াও জালুকবাৰীৰ পৰা খানাপাৰালৈ যোৱা পথছোৱাৰ কেইবাটাও অংশ পানী জমা হৈ থকাৰ বাবে হাজাৰ হাজাৰ বাহন উক্ত পথছোৱাত আৱদ্ধ হৈ আছে। এনে পৰিপ্ৰেক্ষিতত সেই পথেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ বাহন যাব নোৱাৰাত মালিগাঁৱৰ মাজেৰে আহি জি এছ ৰোডেৰে ছয়মাইল আৰু তাৰ পৰা বশিষ্ঠলৈ যায়।
বশিষ্ঠৰ বাজপেয়ী ভৱনত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি তেওঁ যাব কইনাধৰাত থকা ৰাজ্যিক অতিথিশালালৈ। তাতেই তেওঁ আজি নিশা পাৰ কৰাৰ পিছত কাইলৈ কেইবাটাও চৰকাৰী আৰু দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।
স্মৰ্তব্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীক আজি বিমান বন্দৰত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আদৰণি জনায়। বাতৰি লিখাৰ মুহূ্ৰ্তত বাজপেয়ী ভৱনত আৰম্ভ হৈছে বিজেপিৰ ক’ৰ কমিটীৰ বৈঠক। এই কমিটীখন বিজেপিৰ ৰাষ্ট্ৰীয় ভাৰপ্ৰাপ্ত সভাপতি জে পি নড্ডাৰ অনুমোদন মৰ্মে নতুনকৈ গঠন কৰা হৈছে। এই বৈঠকৰ পাছতেই বাজপেয়ী ভৱনতে নিশাৰ আহাৰ গ্ৰহণ কৰিব শ্বাহে।
নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি শুকুৰবাৰে পুৱা অমিত শ্বাহে নৱ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰাৰ পিছত খানাপাৰাত অনুষ্ঠিত হ’বলগীয়া এন ডি এৰ পঞ্চায়ত সন্মিলনত অংশগ্ৰহণ কৰি ভাষণ প্ৰদান কৰিব। এই সন্মিলনত নৱ নিৰ্বাচিত এন ডি এৰ পঞ্চায়ত প্ৰতিনিধিসকল উপস্থিত থাকিব।
তাৰ পিছত তেওঁ বিয়লিলৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হ’বলগীয়া প্ৰাক্তন মুখ্যমন্ত্ৰী গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us