ৰঙৰে জুই লাগিল আজি পলাশৰ ডালতে...

ফাকুৱা হৈছে অসমীয়া বৈষ্ণৱ ধৰ্মীয় চেতনাৰ এক জীৱন্ত প্ৰতিচ্ছবি। এই উৎসৱে সমাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাণী কঢ়িয়াই আনি অসমীয়া সংস্কৃতিক অধিক সুদৃঢ় কৰি তোলে।

author-image
Asomiya Pratidin
New Update
jhtrrfds

ডিজিটেস ডেস্কঃ আজিৰে পৰা আৰম্ভ হল ৰঙৰ উৎসৱ ফাকুৱা। আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ চৌদিশ। হোলীগীতৰ ধ্বনিৰে মুখৰিত হৈছে বৰপেটা, বটদ্রৱা, মাজুলীৰ সত্র সমূহ।

ফাকুৱা হৈছে অসমীয়া বৈষ্ণৱ ধৰ্মীয় চেতনাৰ এক জীৱন্ত প্ৰতিচ্ছবি। এই উৎসৱে সমাজত ঐক্য, সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ বাণী কঢ়িয়াই আনি অসমীয়া সংস্কৃতিক অধিক সুদৃঢ় কৰি তোলে। ই কেৱল ৰং খেলাৰ আনন্দতেই সীমাবদ্ধ নহয়, এই উৎসৱে অসমীয়া সমাজ-সংস্কৃতি, ধৰ্মীয় ভাবধাৰা আৰু আধ্যাত্মিক ঐতিহ্যকো প্ৰতিফলিত কৰে।

বৈষ্ণৱ ধৰ্মীয় বিশ্বাস অনুসৰি, ভগৱান শ্ৰীকৃষ্ণে বৃন্দাৱনত গোপীসকলৰ সৈতে ৰং খেলিছিল। সেই ঐতিহ্য আৰু স্মৃতিক সন্মান জনাই দেশজুৰি পালন কৰা হয় ফাকুৱা বা হোলী। অসমতো এই উৎসৱ বৈষ্ণৱ ধৰ্মীয় চেতনাৰ সৈতে গভীৰভাৱে জড়িত।

শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে প্ৰতিষ্ঠা কৰা এক-শৰণ-নাম ধৰ্মই অসমৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত বিশেষ প্ৰভাৱ পেলাইছে। ফাকুৱা উপলক্ষে ৰাজ্যজুৰি নামঘৰ আৰু সত্ৰসমূহত কীৰ্তন, নাম-প্ৰসঙ্গ আৰু ভাওনা আয়োজন কৰা হয়।

বিশেষকৈ বৰপেটা সত্ৰ আৰু গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত ফাকুৱা মহাসমাৰোহেৰে উদযাপন কৰা হয়। এই স্থানসমূহত হাজাৰ হাজাৰ ভক্ত সমবেত হৈ ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰে আৰু আধ্যাত্মিক পৰিৱেশত ৰং খেলাৰ পৰম্পৰা পালন কৰে।

জাতি, ধৰ্ম আৰু বৰ্ণ নির্বিশেষে অসমৰ সকলো শ্ৰেণীৰ লোকে এই উৎসৱ একেলগে পালন কৰে। গাঁও-চহৰ সকলো ঠাইতে সকলোৱে ৰং খেলি, ভক্তিমূলক গীত গাই আৰু আনন্দ-উল্লাস কৰে। অসমৰ বিভিন্ন অঞ্চলত স্থানীয় ৰীতি-নীতি অনুসৰি ফাকুৱা উদযাপন কৰাৰ এক সমৃদ্ধ পৰম্পৰা দেখা যায়।

ফাকুৱা