/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/03/holi.jpg)
ডিজিটেল সংবাদ, ওদালগুৰিঃ শ্ৰীশ্ৰীকৃষ্ণৰ "দৌল যাত্ৰা" উপলক্ষে অহা ১৯ মাৰ্চত সমগ্ৰ ওদালগুৰি জিলাখনতে স্থানীয় বন্ধ ঘোষণা কৰিছে ওদালগুৰি জিলা প্ৰশাসনে। আজি ওদালগুৰি জিলা উপায়ুক্ত ডাঃ পি উদয় প্ৰৱীন স্বাক্ষৰিত এক নিৰ্দেশ পত্ৰযোগে এই বন্ধ ঘোষণা কৰি সকলো চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান তথা বিত্তীয় প্ৰতিষ্ঠান বন্ধ ঘোষণা কৰে। অৱশ্যে চলি থকা বিভিন্ন পৰীক্ষাসমূহ পূৰ্ৱৰ সূচীমতেই চলি থাকিব বুলি নিৰ্দেশপত্ৰখনত উল্লেখ কৰে।
ইফালে কালিৰে পৰা ওদালগুৰিৰ শ্ৰীমন্ত শংকৰদেৱ সত্ৰত আৰম্ভ হোৱা শ্ৰীশ্ৰীকৃষ্ণৰ দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনাও বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাতিপুৱা নিত্য প্ৰসঙ্গৰ পাছত দিনৰ ভাগত বিভিন্ন খেল-ধেমালী অনুষ্ঠিত হয়। ইয়াৰ পাছতে সন্ধিয়া মধ্য ওদালগুৰি ৰাজহুৱা নামঘৰ(ৰাখাল ঘৰ)ৰ পৰা শংকৰদেৱ সত্ৰলৈ অনুষ্ঠিত হয় বাটৰ হোলী গীত প্ৰতিযোগিতা।
উক্ত হোলী গীত প্ৰতিযোগিতাত ওদালগুৰিৰ বিভিন্ন প্ৰান্তৰ হোলী গীতৰ দলসমূহে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাখনি শুভাৰম্ভ কৰে ওদালগুৰি পৌৰসভাৰ সভাপতি ৰাকেশ বড়োৱে, অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। উক্ত বাটৰ হোলী প্ৰতিযোগিতাত ১৯টাকৈ দলে অংশগ্ৰহণ কৰে।