দেশবাসীকে হোলীৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

দেশবাসীকে হোলীৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

author-image
asomiyapratidin
New Update
দেশবাসীকে হোলীৰ শুভেচ্ছা জনালে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে…

ডিজিটেল ডেস্কঃ দেশজুৰি উদযাপন কৰা হৈছে হোলী উৎসৱ। কোভিডৰ সংক্ৰমণৰ পুনৰ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি হোলী খেলাৰ সন্দৰ্ভত কিছু নীতি-নিয়ম বান্ধি দিছে চৰকাৰে। কেৱল পৰিয়ালৰ সৈতে হোলী উদযাপন কৰিবলৈ অনুৰোধ জনাইছে চৰকাৰে।

ইফালে, হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। ৰঙৰ এই উৎসৱটিয়ে সকলোৰে জীৱনত যেন নতুন এক শক্তিৰ সঞ্চাৰ কৰে তাৰ বাবে প্ৰাৰ্থনা জনাইছে প্ৰধানমন্ত্ৰাগৰাকীয়ে। টুইটাৰত তেওঁ লিখিছে- 'সকলোকে হোলীৰ শুভকামনা জনালো। এই উৎসৱে যেন সকলোৰে জীৱনলৈ নতুন শক্তিৰ সঞ্চাৰ কৰে।'