লংকাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা

লামডিঙত এজন ইমামকে ধৰি শিশু গৰ্ভৱতী মহিলাক মাৰপিটক কেন্দ্ৰ কৰি সৰৱ হোজাই জিলা প্ৰাক্তন সভাপতি।

author-image
Asomiya Pratidin
New Update
new ap web 8 (8)

ডিজিটেল সংবাদ,লংকাঃ লংকাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ঘটনা। মাৰপিটৰ ঘটনাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে সদৌ অসম জমিয়ত উলেমা আৰু অসম গণ পৰিষদৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৌধুৰী। 

ঘটনাৰ বিৱৰণি মতে, ১৬ নৱেম্বৰত লামডিঙত এজন ইমামকে ধৰি শিশু গৰ্ভৱতী মহিলাক মাৰপিটক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে সদৌ অসম জমিয়ত উলেমা আৰু অসম গন পৰিষদৰ হোজাই জিলাৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৌধুৰী। এই ঘটনাৰ আঁৰত হোজাই সমষ্টিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱ জড়িত আছে বুলি অভিযোগ আনে।

উল্লেখ্য যে লামডিং সমষ্টিত নিৰ্বাচন খেলাৰ বাবেই এনেধৰণৰ সাম্প্ৰদায়িক কাম কাজত উচতনি দি আছে বুলি অভিযোগ উত্থাপন কৰা হৈছে। এই ঘটনাৰ হোজাই জিলা আয়ুক্তৰ হস্তক্ষেপ দাবী জনাই পৃথকে পৃথকে স্মাৰক পত্ৰ প্ৰদান কৰে।

 আনফালে সাম্প্ৰদায়িক তথা লম্পট নেতা আখ্যা দিয়া শিলাদিত্য দেৱক নিয়ন্ত্ৰণৰ বাবে শীঘ্ৰেই মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰিব লাগিব বুলি জানিব দিয়ে।