হোজাইত কাঠভৰ্তি ট্ৰাক জব্দ...

হোজাইৰ নীলবাগান অঞ্চলত বিশেষ অভিযান চলাই কাঠভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়।

author-image
Asomiya Pratidin
New Update
3

ডিজিটেল ডেস্কঃ আৰক্ষীৰ সহযোগত বন বিভাগে হোজাইৰ নীলবাগান অঞ্চলত বিশেষ অভিযান চলাই কাঠভৰ্তি এখন ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয়। জব্দ কৰা ট্ৰাকখনৰ নম্বৰ AS 09 C 9221 বুলি জানিব পৰা গৈছে। অভিযোগ অনুসৰি, কাৰ্বি আংলং জিলাৰ পৰা বন মাফিয়াই মাহে শ শ কাঠ ভৰ্তি ট্ৰাক অবৈধভাৱে সৰবৰাহ কৰি আহিছে। 

WhatsApp Image 2026-02-14 at 10.34.16 PM

যি সময়ত চৰকাৰে পৰিবেশ সংৰক্ষণৰ লক্ষ্যৰে লাখ লাখ গছ ৰোপণ কৰি আহিছে, তেনে সময়তে কাৰ্বি আংলংৰ একাংশ বনকৰ্মীৰ সৈতে গোপন বুজাবুজিৰে প্ৰতিদিনে ট্ৰাকে ট্ৰাকে কাঠ, কুন্দা আৰু খৰি সৰবৰাহ কৰা হৈ আছে বুলি অভিযোগ উঠিছে। জব্দ কৰা ট্ৰাকখনত নিৰ্ধাৰিত জোখ আৰু পৰিমাণতকৈ অধিক কুন্দা আৰু কাঠ কঢ়িওৱা হৈছিল বুলি বন বিভাগৰ সূত্ৰে জানিবলৈ দিয়ে। 

অভিযোগ মতে, বন ধ্বংসকাৰী চক্ৰটোৱে একাংশ বন বিষয়াৰ সৈতে মিলি নীতি-নিয়ম উলংঘা কৰি চি.অ ৰ নামত এখন চালানেৰে প্ৰতিদিনে অবৈধ কাঠ সৰবৰাহ কৰি আহিছে। কাৰ্বি আংলঙৰ মাঞ্জা চেন্ট্ৰেল ৰেঞ্জৰ TP নং ৯৭ ৰ জৰিয়তে ৭ কিউবিক মিটাৰৰ পৰিৱৰ্তে প্ৰায় ২০ কিউবিক মিটাৰ কাঠ কঢ়িওৱাৰ তথ্যও পোহৰলৈ আহিছে। লগতে অভিযোগ অনুসৰি, অনুমতি লাভ কৰা গছৰ পৰিৱৰ্তে সংৰক্ষিত বনাঞ্চলৰ পৰা অবৈধভাৱে গছ কাটি সৰবৰাহ কৰা হৈছে।উক্ত ঘটনাৰ ক্ষেত্ৰত চৰজমিন তদন্ত কৰি কঠোৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী উত্থাপিত হৈছে। ইফালে ডবকা বন বিভাগে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে৷

হোজাই