/asomiyapratidin/media/media_files/2026/02/28/193-2026-02-28-22-45-29.jpg)
ডিজিটেল সংবাদ, ডবকা : হোজাই জিলাৰ সদৰ শংকৰদেৱ নগৰস্থিত জিলা আয়ুক্ত কাৰ্যালয়ৰ ৰাজহুৱা প্ৰেক্ষাগৃহত মিছন বসুন্ধৰা ৩.০ ৰ অধীনত খিলঞ্জীয়া ভূমিহীন পৰিয়ালসমূহক ভূমি পট্টা আৰু SVAMITVA আঁচনিৰ অধীনত জৰীপ সম্পূৰ্ণ হোৱা গাঁওসমূহৰ বাবে ডিজিটেল পট্টা, আৱণ্টন পত্ৰ তথা বন্দোৱস্তিৰ প্ৰস্তাৱ পত্ৰ প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হয়। অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত আয়োজিত এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি হোজাই বিধানসভা সমষ্টিৰ বিধায়ক ৰামকৃষ্ণ ঘোষ আৰু জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে হিতাধিকাৰী সকলক আনুষ্ঠানিকভাৱে ভূমি পট্টা বিতৰণ কৰে।
উদ্বোধনী ভাষণ প্ৰদান কৰি জিলা আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতীয়ে কয় যে, স্বাধীনতাৰ ৭৫ বছৰ পাছত অসমৰ ৰাজহ ক্ষেত্ৰত আজি এক ইতিহাসৰ ৰচনা হৈছে। তেওঁ কয় এখন কল্যাণকামী ৰাষ্ট্ৰ আৰু কল্যাণকামী চৰকাৰৰ দায়িত্ব হৈছে প্ৰত্যেকজন নাগৰিকৰে সকলোধৰণৰ অসুবিধা দূৰ কৰা।
বৰ্তমান অসমৰ মুখ্যমন্ত্ৰীৰ নেতৃত্বত বৰ্তমান ৰাজ্য চৰকাৰে প্ৰত্যেকটো বিষয়ৰ ওপৰত প্ৰত্যেকজন নাগৰিকৰ সৰ্বাংগীন উন্নয়নৰ বাবে বিভিন্ন আঁচনিৰে কাম কৰি গৈ আছে আৰু ইয়াৰ সুফল নাগৰিক সকলে পাবলৈ সক্ষম হৈছে বুলি জিলা আয়ুক্তগৰাকীয়ে উল্লেখ কৰে। তেখেতে আৰু কয় যে, আজিৰ এই কাৰ্যসূচীৰ মাধ্যমত হোজাই জিলাৰ তিনিওটা বিধানসভাক সামৰি ১৫৯৯ গৰাকী ব্যক্তি আৰু ৩৬২টা চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠানক ভূমি পট্টা প্ৰদান কৰা হ'ব যি হোজাই জিলা বাসীৰ বাবে আজি এক বৃহৎ সাফল্য আৰু মাইলৰ খুটি হিচাপে পৰিগণিত হ'ব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/28/whatsapp-image-20-2026-02-28-22-45-18.jpeg)
বিধায়ক ৰামকৃষ্ণ ঘোষে তেওঁৰ মূল্যবান ভাষণত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সবল নেতৃত্বত আজি ভূমিহীন লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যাৰ সমাধান কৰি ভূমিৰ অধিকাৰ সুনিশ্চিত কৰি থলুৱা লোকসকলৰ আত্মপৰিচয় আৰু সুৰক্ষা প্ৰদানৰ দিশত এয়া এক বলিষ্ঠ পদক্ষেপ বুলি উল্লেখ কৰে। তেওঁ আৰু কয় যে আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে বহুতো পৰিয়ালে নিজৰ ভূমিৰ আইনী স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ'ব।
আজিৰ অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত ও হোজাইৰ চক্ৰ বিষয়া নিলাক্ষী বৈশ্য, হোজাই পৌৰসভাৰ পৌৰনেত্ৰী চতুৰ্থী বিশ্বাস আৰু আন আন বিষয় ববীয়াসকল উপস্থিত থাকে। আনহাতে আজি প্ৰায় একে সময়তে ৬২নং বিন্ধা কান্দি বিধানসভা সমষ্টিৰ ডবকা ৰাজহ চক্ৰ প্ৰাংগণত ও ডবকা ৰাজহ চক্ৰ বিষয়াৰ তত্বাৱধানত ভূমিহীনক ও মাটিৰ পট্টা প্ৰদান কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us