/asomiyapratidin/media/media_files/2026/03/02/ttyytytytytt-2026-03-02-20-37-39.jpg)
ডিজিটেল সংবাদ, ডবকাঃ আসন্ন অসম বিধান সভা নিৰ্বাচনৰ দিনবাৰ ঘোষণা কৰা হোৱা নাই যদিও হোজাই জিলাত নিৰ্বাচন স্বচ্ছ, নিকা, নিৰপেক্ষ আৰু শান্তিপূৰ্ণভাৱে সম্পন্ন কৰাৰ লক্ষ্যৰে জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে। সোমবাৰে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত এছএছটি (Static Surveillance Team), ভি এছ টি (Video Surveillance Team) আৰু ব্যয় পৰ্যবেক্ষণ টীমৰ বিষয়াসকলৰ বাবে এক বিস্তৃত আৰু কাৰ্যকৰী প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।
প্ৰশিক্ষণ শিবিৰত জিলা আয়ুক্ত তথা জিলা নিৰ্বাচনী বিষয়া বিদ্যুৎ বিকাশ ভাগৱতী উপস্থিত থাকি উপস্থিত সকলো টীম সদস্যক সম্বোধন কৰি কয় যে- নিৰ্বাচন হৈছে গণতন্ত্ৰৰ আটাইতকৈ ডাঙৰ মহোৎসৱ। এই গণতান্ত্ৰিক প্ৰক্ৰিয়াক স্বচ্ছ, নিকা আৰু বিশ্বাসযোগ্য কৰি তোলাটো আমাৰ সকলোৰে নৈতিক দায়িত্ব আৰু এই গোটেই প্ৰক্ৰিয়াটোত এছএছটি, ভিএছটি আৰু ব্যয় পৰ্যবেক্ষণ টীমসমূহৰ ভূমিকাই হৈছে প্ৰধান মেৰুদণ্ড স্বৰূপ।
নিৰ্বাচনী আচৰণ বিধি কঠোৰভাৱে পালন কৰাটো নিশ্চিত কৰিবলৈ প্ৰতিটো টীমৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ বুলি জিলা নিৰ্বাচনী বিষয়াগৰাকীয়ে উল্লেখ কৰে। তেওঁ নিৰ্বাচনী প্ৰক্ৰিয়াত প্ৰতিটো টিমৰ দায়িত্ব আৰু কৰ্তব্য সম্পৰ্কে বহলাই ব্যাখ্যা আগবঢ়ায়। প্ৰশিক্ষণ শিবিৰত জিলা নিৰ্বাচনী বিষয়াই সকলো টীম সদস্যক নিষ্ঠা, সততা আৰু দায়িত্বশীল মনোভাৱৰে নিজৰ দায়িত্ব পালন কৰিবলৈ আহ্বান জনায়।
তেওঁ আশা প্ৰকাশ কৰে যে- সকলো টীমৰ সমন্বিত আৰু সক্ৰিয় প্ৰচেষ্টাৰে হোজাই জিলাত এক আদৰ্শ, শান্তিপূৰ্ণ আৰু নিৰপেক্ষ বিধানসভা নিৰ্বাচন সম্পন্ন হ’ব লাগে। আজিৰ প্ৰশিক্ষণ কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত বনি ইনাম ছাদ্দব, অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপম বৰদলৈ, নিৰ্বাচন বিষয়া আৰাধনা দাস আৰু চক্ৰ বিষয়া সকল উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us