/asomiyapratidin/media/media_files/2026/01/31/congrssssss-2026-01-31-21-09-17.jpg)
প্ৰতিদিন বিশেষ সংবাদ, ডবকাঃ বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ দলৰ ভিতৰত তীব্ৰ অন্তঃকন্দলে উদ্বেগজনক ৰূপ লৈছে। হোজাই জিলা সংখ্যালঘু বিভাগৰ সভাপতি শ্বাহাবুদ্দিন মজুমদাৰক যুৱ কংগ্ৰেছৰ এক ৰেলীত অংশগ্ৰহণ কৰিবলৈ বাধা দিয়া ঘটনাই ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।
জানিব পৰা মতে, শুকুৰবাৰে ডবকাত অনুষ্ঠিত যুৱ কংগ্ৰেছৰ এক ৰেলীত অংশগ্ৰহণৰ উদ্দেশ্যে শ্বাহাবুদ্দিন মজুমদাৰে ৰেলীৰ বাহনত উঠিবলৈ যাওঁতে একাংশ কংগ্ৰেছ কৰ্মীয়ে তেওঁক ঠেলা-হেঁচা কৰি বাহনৰ পৰা নমাই দিয়ে। এই ঘটনাটো সাংসদ ৰকিবুল হুছেইনৰ সন্মুখতেই সংঘটিত হোৱা বুলি অভিযোগ উঠিছে।
এই ঘটনাৰ পাছতেই বিন্নাকান্দি সমষ্টিত কংগ্ৰেছ নেতা-কৰ্মীসকল কেবাটাও ভাগত বিভক্ত হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ ৰেহান পন্থী আৰু শ্বাহাবুদ্দিন পন্থীৰ মাজত সামাজিক মাধ্যমত তীব্ৰ বাক-বিতণ্ডা আৰম্ভ হৈছে। গাঁৱে-ভূঞে সাধাৰণ লোকৰ সৈতে সু-সম্পৰ্ক ৰক্ষা কৰি অহা শ্বাহাবুদ্দিন মজুমদাৰক এইদৰে অপমান কৰা কাৰ্যই সাধাৰণ জনতাৰ মাজতো অসন্তোষ সৃষ্টি কৰিছে। অৱশ্যে ৰেহান উদ্দিনৰ জনপ্ৰিয়তা কোনো মতেই কম হোৱা পৰিলক্ষিত নহ'ল।
ঘটনাৰ দিনা ৰেলিত সাংসদ ৰকিবুল হুছেইনৰ লগতে যুৱ কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি উদয় ভানু আৰু অসমৰ যুৱ কংগ্ৰেছৰ সভাপতি জুবাইৰ এনামো উপস্থিত আছিল। ৰেলিৰ বাহনত উঠিবলৈ যাওঁতে শ্বাহাবুদ্দিন মজুমদাৰক ঠেলি নমাই দিয়াৰ দৃশ্য সামাজিক মাধ্যমত ভাইৰেল হৈ পৰে, যাৰ ফলত বিষয়টো অধিক গুৰুত্ব লাভ কৰে।
এই ঘটনাক লৈ বিৰোধী দলৰ লগতে কংগ্ৰেছ মহলতো তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে। বহুজন কংগ্ৰেছ নেতা-কৰ্মীয়ে এই অপমানজনক আচৰণ সহজভাৱে মানি ল’ব পৰা নাই বুলি প্ৰকাশ কৰিছে। এই ঘটনাই বিন্নাকান্দি সমষ্টিত কংগ্ৰেছৰ অন্তঃকন্দল স্পষ্টকৈ উন্মোচন কৰা বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে মন্তব্য কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us