/asomiyapratidin/media/media_files/2026/02/03/jhgjfghfdffg-2026-02-03-12-36-02.jpg)
ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ মোৰাঝাৰত পৃথক পৃথক দুৰ্ঘটনাত চাৰি যুৱকৰ কৰুণ মৃত্যু হোৱাৰ লগতে এজন যুৱকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰা হৈছে।
খন্তেক সময় পূৰ্বে হোজাই জিলাৰ মোৰাঝাৰৰ পীৰ বজাৰ অঞ্চলত নম্বৰবিহীন এখন বাইক আৰু AS-31B-1853 নম্বৰৰ আন এখন বাইকৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত এই ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাত থিতাতে মৃত্যু হয় দুজন বাইক আৰোহীৰ। মৃত যুৱক দুজনৰ ভিতৰত এজন দীঘলজাৰৰ আব্দুল আহাদ আৰু আনজন চামৰালিৰ আব্দুৰ ৰহমান বুলি চিনাক্ত কৰা হৈছে। আন এজন যুৱক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱাত তেওঁক ততাতৈয়াকৈ হোজাই হাম হস্পিটেললৈ প্ৰেৰণ কৰা হয়, য’ত তেওঁৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।
আনহাতে, সোমবাৰৰ নিশা হোজাইৰ নীলবাগানত সংঘটিত আন এটা পথ দুৰ্ঘটনাত দুজন বাইক আৰোহীৰ মৃত্যু হয়। AS-31C-0932 নম্বৰৰ এখন ট্ৰাকে AS-31G-0944 নম্বৰৰ বাইকখনক খুন্দা মৰাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হয়। বাইকখন মোৰাঝাৰৰ পৰা নীলবাগানৰ দিশে গৈ থকা অৱস্থাত দুৰ্ঘটনাটো সংঘটিত হয় বুলি জানিবলৈ দিছে প্ৰত্যক্ষদৰ্শীয়ে। এই দুৰ্ঘটনাত মৃত্যু হোৱা যুৱক দুজনৰ নাম ৰতন দাস আৰু লক্ষিন্দ্ৰ দাস। মৃত ৰতন দাসৰ ঘৰ জোৰাপুখুৰী আৰু লক্ষিন্দ্ৰ দাসৰ ঘৰ লামডিং বুলি জানিব পৰা গৈছে।
ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে দুয়োটা দুৰ্ঘটনাৰ মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনা কেইটাৰ তদন্ত আৰম্ভ কৰিছে। কেইঘন্টা মানৰ ভিতৰতে সংঘটিত এই ভয়াবহ দুৰ্ঘটনা
সমূহে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us