/asomiyapratidin/media/media_files/2024/12/22/BBQEejzrlfP6rlbU4Xlr.jpg)
ডিজিটেল সংবাদ,হোজাইঃ আজি হোজাই জিলা সত্র মহাসভাৰ ব্যৱস্থাপনাত অনুষ্ঠিত অসম সত্ৰ মহাসভাৰ মধ্যকালীন বার্ষিক অধিৱেশনত অংশগ্রহণ কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। এই অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিজৰ বক্তব্যত সনাতন সংস্কৃতিৰ ওপৰত আলোকপাত কৰে। হোজাইৰ দৰে এখন ঠাই, য'ত বেছি সংখ্যক মানুহেই বঙালী ভাষা ব্যৱহাৰ কৰে তেনে এখন ঠাইত অসম সত্ৰ মহাসভাৰ অধিবেশন অনুষ্ঠিত কৰাটো সনাতনী সংস্কৃতিৰ কাৰণে এটা ভৱিষ্যতৰ আশাৰ বতৰা বুলি কয়।
মন্ত্ৰী বৰুৱাই অসম সত্ৰ মহাসভাই হোজাইত এই অধিৱেশন অনুষ্ঠিত কৰি এক সমন্বয়ৰ বাতাবৰণ সৃষ্টি কৰিছে বুলি মন্তব্য কৰি সভাৰ সকলো বিষয়ববীয়াক ধন্যবাদ আৰু প্ৰশংসা কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আজিৰ পৰা ৫৫০ বছৰ পূৰ্বে অসমভূমিত নামধৰ্মৰে সাহিত্য, সংস্কৃতি, শিল্প-কলা সকলোৰে মাজেৰে বান্ধি এক মহান অসমীয়া জাতি গঢ়িছিল, তাক প্ৰতিজন অসমীয়া মানুহে গৌৰৱ অনুভৱ কৰে।
/asomiyapratidin/media/media_files/2024/12/22/BMRTMoUthDmRB6ysZhb5.jpg)
সমগ্ৰ ভাৰতবৰ্ষতেই সনাতনী ধৰ্মৰ ওপৰত সংকট বা ধৰ্মত ক্ষতি হোৱাৰ পৰিবেশ আহিছিল, সেই সময়তে গোটেই ভাৰতবৰ্ষজুৰি এক নৱজাগৰণৰ সৃষ্টি হৈছিল। য'ত এনে কিছুমান মহাপুৰুষেই সনাতনী পৰম্পৰাটোক আৰু অধিক শক্তিশালী কৰাৰ নেতৃত্ব লৈছিল। মহাপুৰুষ শংকৰদেৱে অকল ধৰ্মপ্ৰচাৰে কৰা নাছিল, জাতিটোক একতাৰ দূলেৰে বান্ধি বৰ কাৰণে সাহিত্য-সংস্কৃতি, শিল্প, গীত-নৃত্য কলা সকলো একলগ কৰি এক মহান অসমীয়া জাতি গঠন কৰিছিল। আমাৰ বাবে এইদিন নহা হেতেন হয়টো আজি অসম হৈ নাথাকিলে হেতেন বুলিও মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মন্তব্য কৰে।
লগতে কয় যে, এটা কথা স্পষ্ট আমাৰ দেশৰ বিভিন্ন ঠাইত আমাৰ সনাতনী সংস্কৃতি বিশ্বাস কৰিবৰ কাৰণে আমাৰ পন্থা বেলেগ বেলেগ। আমি বিভিন্ন পন্থা ব্যৱহাৰ কৰো, কিন্তু আমাৰ মূলসূতি এটাই-সনাতন আমাৰ মূলসূতি আৰু কৃষ্ণ আমাৰ সংস্কৃতি। এই কৃষ্ণ সংস্কৃতিৰ মাজেৰে আমি সকলো ভাৰতীয়ই এক হৈ থাকো, একতাৰে বান্ধ খাই থাকো।
আমাৰ সনাতনী সংস্কৃতিৰ এটা দুৰ্বলতা আছিল এয়াই যে আমি আমাৰ সংস্কৃতিৰ পীঠস্থান বা আমি যত পূজা-অৰ্চনা কৰা ধৰ্মানুষ্ঠানসমূহ ভগৱানৰ কৃপাতে ভালদৰে চলি থাকিব বা ভগৱানেই তাক ৰক্ষণাবেক্ষণ কৰিব। সেই দুৰ্বলতাৰ সুযোগ লৈ বিশ্বৰ বিভিন্ন স্থানৰ পৰা বিভিন্নজনে আহি সংস্কৃতিৰ পীঠস্থানসমূহত আক্ৰমণ কৰিছিল। সময়ৰ সূতত আমি মোগলৰ তলতো থাকিবলগীয়া হৈছিল, কিন্তু আমাক যিয়েই যিমান আক্ৰমণ নকৰিলেও আমাৰ সনাতন সংস্কৃতি জিলিকি আছে আৰু থাকিব বুলিও মন্ত্ৰীগৰাকীয়ে দৃঢ়তাৰে উল্লেখ কৰে।
ইপিনে সত্ৰৰ মাটি বেদখল সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কয়, আজি অসমৰ বহু সত্ৰ সংকটত আছে। আমাৰ সত্ৰ আয়োগে দাখিল কৰা তথ্য, নথি-পত্ৰত এই কথা ওলাইছে যে বহু সত্ৰ হেৰাই গৈছে, বহু সত্ৰৰ মাটি অনাধিকাৰ দখল কৰিছে। কিন্তু এটা কথা ঠিক যে সময়ৰ লগেলগে আজি আমাৰ চৰকাৰ অহাৰ লগে লগে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এখনৰ পাছত এখন সত্ৰৰ পবিত্ৰ মাটি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছোঁ।
সত্ৰ আমাৰ সংস্কৃতি আৰু সত্ৰ আমাৰ গৌৰৱ। সত্ৰই আমাক কেৱল কেৱল নাম-প্ৰসংগ কৰিবলৈ শিকোৱা নাই, সত্ৰই আমাক সাহিত্য চৰ্চা কৰিবলৈ শিকাইছে। সত্ৰই আমাক কলা চৰ্চা কৰিবলৈ শিকাইছে। আজি বিভিন্ন সময়ত শ্বেক্সপিয়েৰৰ নাটকক লৈ আলোচনা কৰে, বিশ্বৰ নাট্য সাহিত্যৰ কথা লৈ শ্বেক্সপিয়েৰৰ কথা কয়। কিন্তু আমি জনা উচিত যে মহাপুৰুষ শংকৰদেৱে যেতিয়া চিহ্নযাত্ৰাৰ জন্ম দিছিল তেতিয়া শ্বেক্সপিয়েৰৰ জন্ম হোৱাই নাছিল বুলিও মন্ত্ৰীগৰাকীয়ে দাবী কৰে।
/asomiyapratidin/media/media_files/2024/12/22/QBzEDDxV34hNXvzgKOVf.jpg)
আৰু কয় যে, আমি যেতিয়া সত্ৰ-নামঘৰত সোমাই গুৰুআসনখনৰ ভাস্কৰ্য দেখা পাও, ৫০০ বছৰ পূৰ্বে এনে সুন্দৰ ভাস্কৰ্য সৃষ্টিৰ কল্পনা কৰিব নোৱাৰো। কিন্তু সেয়া দিঠকত পৰিণত কৰি আমাৰ মহাপুৰুষ জনাই আমাক তেওঁৰ সৃষ্টিৰ জৰিয়তে দি গৈছে। গতিকে শংকৰদেৱৰ এই সংস্কৃতি সকলো ভাষাভাষী লোকে আগবঢ়াই নিব লাগিব। এই ভাৰতবৰ্ষত আমি বিভিন্ন ভাষা বেলেগ হব পাৰে, আমাৰ বৰ্ণ বেলেগ হব পাৰে কিন্তু এটা সংস্কৃতিৰে বান্ধ খাই থাকো আৰু সেয়া হৈছে সনাতন সংস্কৃতি। আচাৰ ব্যৱহাৰ বেলেগ হলেও কৃষ্ণ ভক্তিত বিশ্বাস কৰোঁ।
ইয়াৰোপৰি সত্রানুষ্ঠানসমূহৰ ৰক্ষণা-বেক্ষণ আৰু সেইসমূহৰ উদ্দেশ্যৰ উৎকৰ্ষ সাধনত চৰকাৰে সকলো প্ৰকাৰৰ সহায়-সহযোগ আগবঢ়োৱাৰ কথা উল্লেখ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সত্ৰ মহাসভাৰ কার্যাৱলী অনাগত সময়তো সুন্দৰৰূপে চলি থকাৰ পোষকতা কৰে।
উল্লেখ্য যে আজিৰ অধিৱেশনত মন্ত্ৰীগৰাকীৰ উপৰি প্রাক্তন বিধায়ক আৰু অভ্যৰ্থনা সমিতিৰ সভাপতি শ্রী শিলাদিত্য দেৱ, সত্র মহাসভাৰ সভাপতি শীজিতেন্দ্র নাথ প্রধানী আৰু সম্পাদক শ্রী কুসুম মহন্ত, কার্যকৰী সভাপতি শ্ৰীভৱানন্দ দেৱ গোস্বামী, ৰবীন্দ্রনাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ উপাচার্য শ্রীমানৱেন্দ্র চৌধুৰী, হোজাই পৌৰ সভাৰ অধ্যক্ষ শ্রীমতী চতুর্থী ৰাণী বিশ্বাস তথা অন্যান্য বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/29/2025-10-29t133617762z-ap-new-dfdfbdfbgfdgfgfgfgf-2025-10-29-19-06-18.png)
Follow Us