/asomiyapratidin/media/media_files/2026/03/02/schollstdntt-2026-03-02-21-02-04.jpg)
ডিজিটেল সংবাদ, ডবকাঃ হোজাই জিলাৰ নীলবাগান অঞ্চলত দেওবাৰে সন্ধিয়া সংঘটিত এক শোকাৱহ পথ দুৰ্ঘটনাত এজন সপ্তম শ্ৰেণীৰ ছাত্ৰৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। নিহত ছাত্ৰজন হৈছে মোৰাঝাৰ থানাৰ অন্তৰ্গত দেৱস্থান গাঁৱৰ ফৰহাদ আলম।
প্ৰাপ্ত তথ্য অনুসৰি, ডবকাৰ পৰা লংকা অভিমুখে তীব্ৰবেগে গৈ থকা এখন এল্টো বাহনে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰিবলৈ লওঁতে ছাত্ৰজনক খুন্দিয়ায়। ঘটনাস্থলীতে গুৰুতৰভাৱে আহত হোৱা ছাত্ৰজনক উদ্ধাৰ কৰি চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।
দুৰ্ঘটনা সংঘটিত কৰা বাহনখনৰ নম্বৰ AS-02 K-0749 বুলি জানিব পৰা গৈছে। বাহনখন খুন্দিয়াই পলায়নৰ চেষ্টা চলাইছিল যদিও সজাগ ৰাইজে বাহনখন খেদি ধৰি চালকসহ আৰক্ষীৰ হাতত গতাই দিয়ে।
সোমবাৰে মৰণোত্তৰ পৰীক্ষাৰ অন্তত আৰক্ষীয়ে মৃতদেহ পৰিয়ালৰ হাতত চমজাই দিয়ে। পাছত নিজ মহল্লাত জানাজাৰ নামাজ সম্পন্ন কৰা হয়। ল'ৰাজন মছদ্দৰ আলী বিদ্যাপীঠৰ ছাত্ৰ আছিল। ঘটনাটোক লৈ অঞ্চলটোত গভীৰ শোকৰ লগতে ক্ষোভৰো সৃষ্টি হৈছে। আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us