/asomiyapratidin/media/media_files/2025/09/16/360-2025-09-16-12-45-15.jpg)
ডিজিটেল ডেস্ক : কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ১৬ ছেপ্টেম্বৰ, ২০২৫ৰ মঙলবাৰে নতুন দিল্লীত এন্টি-নাৰ্কটিক্স টাস্ক ফৰ্চ চমুকৈ এনটিএফৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলৰ দ্বিতীয় ৰাষ্ট্ৰীয় সন্মিলন উদ্বোধন কৰে। এই উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী শ্বাহে মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰোৰ বাৰ্ষিক প্ৰতিবেদন- ২০২৪ প্ৰকাশ কৰি অনলাইনত ড্ৰাগছ নিষ্কাশন মুকলি কৰে ।
উল্লেখযোগ্য যে, ১৬ আৰু ১৭ ছেপ্টেম্বৰত অনুষ্ঠিত হ’বলগীয়া এই সন্মিলনত অন্যান্য চৰকাৰী বিভাগৰ প্ৰতিনিধিসকলৰ উপৰিও ৩৬খন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুৰব্বীসকলে অংশগ্ৰহণ কৰিছে। এই সন্মিলনখনে ড্ৰাগছমুক্ত ভাৰতৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দায়বদ্ধতাক শক্তিশালী কৰিব। লগতে এক নিৰ্দিষ্ট লক্ষ্যত উপনীত হ’বলৈ ৰোডমেপ প্ৰস্তুত কৰাৰ মঞ্চ হিচাপে কাম কৰিব বুলি আশা কৰে অমিত শ্বাহে।
নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ উদ্যোগত আয়োজিত এই সন্মিলনৰ বিষয়বস্তু হৈছে “ইউনাইটেড ৰিজ’লভ, শ্বেয়াৰড ৰেচপন্সিবিলিটি”। এই সন্মিলনত দেশত ড্ৰাগছৰ বিপদৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো অংশীদাৰে কৰা সামূহিক প্ৰচেষ্টাৰ বিস্তৃত পৰ্যালোচনা আৰু বিশ্লেষণ কৰা হ’ব।
একেদৰে অনাগত দিনৰ বাবে ৰ’ডমেপ সম্পৰ্কে আলোচনা কৰা হ’ব। ড্ৰাগছ যোগান, চাহিদা হ্ৰাস আৰু ক্ষতি হ্ৰাসৰ বিভিন্ন দিশৰ ওপৰত ইয়াৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰভাৱ আৰু দেশত ড্ৰাগছ আইনক শক্তিশালী কৰাৰ বাবে ল’বলগীয়া পদক্ষেপসমূহৰ ওপৰতো বিশদ আলোচনা কৰা হ’ব।