সলনি হ'ল অমিত শ্বাহৰ ইমেইলঃ গুগল, মাইক্ৰ'ছফ্ট এৰি আকোৱালি ল'লে জোহো...

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে গুগল আৰু মাইক্ৰ’ছফ্ট এৰি জোহো গ্ৰহণ কৰিছে। তেওঁ জিমেইল ত্যাগ কৰি ভাৰতৰ থলুৱা মঞ্চ জোহো গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে।

author-image
Tushar Pratim
New Update
AMIT SHAH 08

ডিজিটেল ডেস্কঃ থলুৱা প্ৰযুক্তিক উৎসাহিত কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বুধবাৰে গুগল আৰু মাইক্ৰ’ছফ্ট এৰি জোহো গ্ৰহণ কৰিছে। নথি-পত্ৰ, স্প্ৰেডশ্বীট আৰু প্ৰেজেণ্টেচনৰ বাবে ভাৰতৰ ঘৰতে উৎপাদিত মঞ্চ জোহো গ্ৰহণ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘স্বদেশী’ৰ আহ্বানৰ সৈতে সংগতি ৰাখি তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁৰ এই পদক্ষেপে অৰ্থনৈতিক বিকাশ আৰু উদ্ভাৱন বৃদ্ধিৰ বাবে ভাৰতত নিৰ্মিত সামগ্ৰী গ্ৰহণযোগ্যতাক উৎসাহিত কৰিছে বুলি কোৱা হৈছে।

এই সন্দৰ্ভত তেওঁ আজি সামাজিক মাধ্যমৰ জৰিয়তে মন্তব্য কৰিছে। তেওঁ সামাজিক মাধ্যমত লিখিছে যে তেওঁ জোহো মেইল গ্ৰহণ কৰিছে। তেওঁৰ ইমেইলৰ ঠিকনা সলনি কৰা হৈছে। তেওঁৰ নতুন ইমেইলৰ ঠিকনা amitshah.bjp@zohomail.in বুলি উল্লেখ কৰিছে। তেওঁৰ সৈতে ইমেইলৰ সৈতে যোগাযোগ কৰিবলৈ এতিয়াৰে পৰা amitshah.bjp@zohomail.in ঠিকনা ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱেও তেওঁৰ ইমেইল আইডি জোহোলৈ পৰিবৰ্তন কৰাৰ কথা ঘোষণা কৰিছিল। তেওঁৰ এই সিদ্ধান্তৰ পাছতে জোহোৰ চিইঅ’ শ্ৰীধৰ ভেম্বুৱে প্ৰশংসা কৰি বৈষ্ণৱৰ এই সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে।

ইয়াৰ উপৰিও শিক্ষা মন্ত্ৰণালয়েও সকলো বিষয়াক চৰকাৰী নথিপত্ৰৰ বাবে জোহোৰ ইমেইল ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ দিছে। 

মেক ইন ইণ্ডিয়া অমিত শ্বাহ