/asomiyapratidin/media/media_files/2026/02/21/175-2026-02-21-09-33-50.jpg)
ডিজিটেল সংবাদ, গহপুৰ : অসম লোকসেৱা আয়োগৰ দ্বাৰা অনুষ্ঠিত সংযুক্ত প্ৰতিযোগিতামূলক পৰীক্ষাৰ ২০২৪ বৰ্ষৰ সদ্য ঘোষিত ফলাফলত উজলি উঠিছে গহপুৰ সমজিলাৰ হেলেম মৌজাৰ অন্তৰ্গত বুৰৈ অঞ্চলৰ এৰাসুঁতিৰ মেধাৱী ছাত্র হিতেশ কুমাৰ পগাগ। ঘোষিত ফলাফলত তেওঁ Inspector Of Taxes শাখাত যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ এই সাফল্যই বৃহত্তৰ হেলেম অঞ্চললৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । প্ৰয়াত চেনীৰাম পগাগ আৰু নিৰুমাই পগগাৰ জ্যেষ্ঠ পুত্ৰ হিতেশ কুমাৰ পগাগক সমগ্ৰ বুৰৈবাসী ৰাইজৰ লগতে লেপেটা পাৰা আৰু এৰাসুঁতিৰ গাঁওবাসীয়ে ঢোলে- দগৰে আদৰণী জনায়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us