/asomiyapratidin/media/media_files/2025/11/23/ujjjdd-2025-11-23-15-09-49.jpg)
ডিজিটেল ডেস্কঃ সাংবাদিক ৰাণা ডেকাক জীৱন নাশৰ ভাবুকি প্ৰদান কৰা অৱসৰপ্ৰাপ্ত প্ৰশাসনিক বিষয়া হিতেশ দেৱ শৰ্মাৰ গুৱাহাটীৰ ঘৰত উপস্থিত হৈছে পাঠশালা আৰক্ষীৰ এটা দল। গীতানগৰস্থিত শৰ্মাৰ ঘৰত উপস্থিত হৈ আইনী জাননী প্ৰদান কৰে আৰক্ষীৰ দলটোৱে।
ডি এছ পি মৃগাক্ষী দাসৰ নেতৃত্বত আহিছে পাঠশালা আৰক্ষীৰ এই তদন্তকাৰী দলটো। উল্লেখ কৰা প্ৰয়োজন যে, সাংবাদিক ৰাণা ডেকাক হিতেশ দেৱ শৰ্মাই ফোনযোগে ভাবুকি প্ৰদান কৰিছিল। জুবিন গাৰ্গৰ মৃত্যুকাণ্ডৰ ৫ অভিযুক্তক বাক্সাৰ জেইললৈ নিয়াৰ সময়ত উদ্ভৱ হোৱা পৰিস্থিতিক লৈ সূত্ৰপাত হৈছিল এই ঘটনাৰ।
উক্ত দিনটোত জেইলৰ সন্মুখত ৰাইজক লাঠীৰে প্ৰহাৰ কৰা আৰক্ষী বিষয়া গীতাৰ্থ দেৱ শৰ্মা আছিল হিতেশ দেৱ শৰ্মাৰ পুত্ৰ। পুত্ৰক দোষাৰূপ কৰি বাতিৰ পৰিৱেশন কৰাৰ বাবেই ৪ঘন্টাৰ ভিতৰত ক্ষমা নুখুজিলে সাংবাদিকৰ গৰাকীৰ লগতে পুত্ৰৰো জীৱন নাশৰ ভাবুকি দিছিল হিতেশ দেৱ শৰ্মাই।
ইয়াৰ পিছতে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত ৰাণা ডেকাই ৰুজু কৰিছিল গোচৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও এই বিষয়ত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। ঘটনাটোক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছতে প্ৰায় ৪দিনৰ পিছত তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰক্ষীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us