তেজপুৰৰ ইতিহাস - ঐতিহ্যই নাজানে বিজেপি বিধায়ক মানৱ ডেকাই...

ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ সাক্ষাৎকাৰত অংশলৈ জ্ঞান শূণ্যৰ পৰিচয় দিলে বিজেপি বিধায়ক মানৱ ডেকাই। তেওঁ নাজানে ঐতিহ্যমণ্ডিত তেজপুৰৰ ইতিহাস ! উল্লেখ কৰা প্ৰয়োজন যে, দেশৰে এটি আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী

author-image
Asomiya Pratidin
New Update
221

ডিজিটেল ডেস্ক : ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠীৰ সাক্ষাৎকাৰত অংশলৈ জ্ঞান শূণ্যৰ পৰিচয় দিলে বিজেপি বিধায়ক মানৱ ডেকাই। তেওঁ নাজানে ঐতিহ্যমণ্ডিত তেজপুৰৰ ইতিহাস ! উল্লেখ কৰা প্ৰয়োজন যে, দেশৰে এটি আগশাৰীৰ ৰাষ্ট্ৰীয় সংবাদ গোষ্ঠী ‘ইণ্ডিয়া টুডে এন ই অসম’ৰ সাক্ষাৎকাৰত অংশ লৈছিল বিজেপি বিধায়ক মানৱ ডেকাই। 

সাক্ষাৎকাৰটিৰ মাজতে উত্তৰ অসমৰ কথা উল্লেখ কৰি তেওঁ ক’লে- আজিৰ পৰা ১০/১৫ বছৰৰ পূৰ্বে উত্তৰ অসম‌ কেৱল তেজপুৰৰ পগলা ফাটেকৰ বাবে বিখ্যাত আছিল। বিধায়কগৰাকীয়ে জনা উচিত আছিল যে, উত্তৰ অসম তথা তেজপুৰ এখন ইতিহাস প্ৰসিদ্ধ ঠাই। বাণ ৰজাৰ ৰাজধানী আছিল শোণিতপুৰ অৰ্থাৎ বৰ্তমানৰ তেজপুৰ। হৰি-হৰৰ যুদ্ধ, ঊষা- অনিৰুদ্ধ, মহাভৈৰৱ, দ' পৰ্বতীয়া তোৰণ, অগ্নিগড় আদি ঐতিহাসিক সমলেৰে ভৰপূৰ তেজপুৰ। 

বিধায়কগৰাকীয়ে কোৱাৰ দৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চৰকাৰে কৰা উন্নয়ন, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ আশীৰ্বাদ আৰু তেওঁ নিজেই বিধায়ক হিচাপে কৰা কেতবোৰ কামৰ পাছৰে পৰা উত্তৰ অসম বা তেজপুৰ জনাজাত হোৱা নাই।

উল্লেখযোগ্য যে, তেজপুৰৰ ইতিহাস হাজাৰ হাজাৰ বছৰ পুৰণি। আনহে নালাগে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আদিৰ দৰে প্ৰাতঃস্মৰণীয় ব্যক্তিয়ে তেজপুৰৰ পৰাই অসমীয়া ভাষা- সাহিত্য আৰু সংস্কৃতিলৈ আগবঢ়াই থৈ যোৱা অৱদানৰ কথা মানৱ ডেকাই জনা উচিত আছিল। 

লখিমপুৰ সমষ্টিৰ বিজেপি বিধায়ক মানৱ ডেকাৰ এই সাক্ষাৎকাৰৰ কিয়দংশ ৰাজহুৱা হোৱাৰ পাছৰে পৰা সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সামাজিক মাধ্যমত আদিত তেওঁৰ জ্ঞানৰ গভীৰতক লৈও একাংশই প্ৰশ্ন তুলিছে।

মানৱ ডেকা তেজপুৰ