/asomiyapratidin/media/media_files/2026/02/22/4-2026-02-22-19-27-21.jpg)
ডিজিটেল ডেস্কঃ নেতাই ধুবুনী ঘাটৰ নাম আপুনি শুনিছেনে ? ধুবুৰীত থকা নেতাই ধুবুনী ঘাট অসম তথা ভাৰতৰ এক প্ৰাচীন, গুৰুত্বপূৰ্ণ আৰু ঐতিহাসিক স্থানৰ ভিতৰত অন্যতম । ধুবুৰী জিলাখনৰ নামটোও এই নেতাই ধুবুনীৰ পৰাই আহিছিল বুলি প্ৰবাদ আছে ।
দেওবাৰে নেতাই ধুবুনীৰ ঘাটত থকা প্ৰকাণ্ড শিলত দেখা গৈছে ভৰিৰ চিহ্ন। সেই ভৰিৰ চিহ্ন নেতাই ধুবুনীৰ বুলি লোক বিশ্বাসত প্ৰচলিত আছে। কাৰণ প্ৰায় ৩০ বছৰ পূৰ্বে সেই একেখন স্থানতে সেই একেটা ভৰিৰ চিহ্ন প্ৰকাণ্ড শিলত দেখিবলৈ পোৱা গৈছিল।
/asomiyapratidin/media/post_attachments/275d880c-cdf.png)
উল্লেখযোগ্য যে- সুকবি নাৰায়ণদেৱৰ পদ্মা পুৰাণৰ আখ্যান মতে চান্দ সদাগৰৰ পুত্ৰ লখিন্দৰক সাপে খুঁটাৰ পিচত পত্নী বেউলাই তেওঁৰ মৃত স্বামীক লৈ নেতাই ধুবুনী ঘাট পাইছিল আৰু ইয়াতে তেওঁৰ স্বামীক জীয়াই তুলিবৰ মন্ত্ৰ লাভ কৰিছিল। আখ্যান মতে নেতাই ধুবুনীক পৌৰাণিক কন্যা হিচাপে বিবেচনা কৰা হয় যি ব্ৰহ্মপুত্ৰৰ পাৰত দেৱ-দেৱীসকলৰ কাপোৰ ধুইছিল। ইপিনে ধুবুৰীৰ নামৰ উৎপত্তি নেতাই ধুবুনীৰ সৈতে গভীৰভাৱে জড়িত। পৌৰাণিক জনশ্ৰুতি অনুসৰি, ব্ৰহ্মপুত্ৰৰ পাৰত থকা এই ঘাটত দেৱতাসকলৰ কাপোৰ ধোৱা নেতাই ধুবুনীয়ে সতী বেউলাক তেওঁৰ মৃত স্বামী লখিন্দৰক পুনৰুজ্জীৱিত কৰিবলৈ পৰামৰ্শ দিছিল। এই কিংবদন্তিৰ পৰাই ঠাইখনৰ নাম 'ধুবুৰী' হোৱা বুলি প্ৰবাদ আছে। মনসা বা পদ্মা পুৰাণৰ আখ্যান মতে, দেৱতা সকলৰ ধুবুনী নেতাই আছিল এগৰাকী ঐশ্বৰিক চৰিত্ৰ। স্বামী লখিন্দৰক সাপে খুঁটাৰ পাছত বেউলাই নেতাই ধুবুনীৰ সহায়ত দেৱতাসকলক সন্তুষ্ট কৰি স্বামীৰ প্ৰাণ ঘূৰাই পাইছিল।
/asomiyapratidin/media/post_attachments/847ecd16-23b.png)
নেতাই ধুবুনীয়ে কাপোৰ ধোৱা ঘাটটোৱেই 'নেতাই ধুবুনীৰ ঘাট' নামেৰে জনাজাত। এই 'ধুবুনী' শব্দটোৰ পৰাই ধুবুৰী নামটো অহা বুলি বিশ্বাস কৰা হয়। লগতে ধুবুৰীৰ ৰাইজেও নেতাই ধুবুনীৰ নামত শ্ৰদ্ধা-ভক্তি আৰু পূজা-অৰ্চণা কৰা পৰিলক্ষিত হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us