হিন্দু পদ্ধতিৰ বিবাহত বিবাহৰ পঞ্জীয়ন কেৱল মাত্ৰ প্ৰমাণৰ বাবেহে, বাধ্যতামূলক নহয়...

বিয়াৰ আনুষ্ঠানিক পঞ্জীয়ন পত্ৰ নাথাকিলেও হিন্দু বিবাহ পদ্ধতিত হোৱা বিয়াক অবৈধ বুলি কোৱা নহ’ব। হিন্দু বিবাহ পদ্ধতিৰে বিয়াত বহিলেই সেই বিয়াক বৈধ হিচাপে মানি লোৱা হ’ব।

author-image
Tushar Pratim
New Update
হিন্দু পদ্ধতিৰ বিবাহত বিবাহৰ পঞ্জীয়ন কেৱল মাত্ৰ প্ৰমাণৰ বাবেহে, বাধ্যতামূলক নহয়...

ডিজিটেল ডেস্কঃ বিবাহৰ আনুষ্ঠানিক পঞ্জীয়ন পত্ৰ নাথাকিলেও হিন্দু বিবাহ পদ্ধতিৰে বিয়া হোৱা দুই যুৱক-যুৱতীৰ বিয়াক অবৈধ বুলি কোৱা নহ’ব। হিন্দু বিবাহ পদ্ধতিৰে বিয়াত বহিলেই সেই বিয়াক বৈধ হিচাপে মানি লোৱা হ’ব।

বিবাহৰ পঞ্জীয়ন পত্ৰ কেৱল বিয়াৰ এক প্ৰমাণহে। হিন্দু বিবাহ আইন, ১৯৫৫ ৰ ধাৰা ৮ ৰ উপ-ধাৰা ৫ অনুসৰি বিয়াৰ পঞ্জীয়ন পত্ৰৰ নাথাকিলেও সেই বিয়া অবৈধ নহ’ব।

এক গোচৰৰ শুনানি গ্ৰহণ কৰি এলাহবাদ উচ্চ ন্যায়ালয়ে এই ৰায় প্ৰদান কৰিছে। ন্যায়ালয়ে এই গোচৰৰ ৰায় প্ৰদান কৰি কয় যে, ৰাজ্য চৰকাৰসমূহক বিয়াৰ পঞ্জীয়নৰ বাবে নিয়ম প্ৰণয়নৰ ক্ষমতা দিয়া হৈছ। হিন্দু বিবাহ ৰেজিষ্টাৰ ৰক্ষণাবেক্ষণৰ জৰিয়তে বিয়াৰ বিশদ তথ্য ৰেকৰ্ড কৰাৰ ব্যৱস্থা থাকে। এনে পঞ্জীয়নৰ উদ্দেশ্য কেৱল বিয়াৰ সুবিধাজনক প্ৰমাণ প্ৰদান কৰা।

উল্লেখ্য যে, উত্তৰ প্ৰদেশৰ সুনীল ডুবে আৰু তেওঁৰ পত্নী মীনাক্ষীয়ে যোৱা ২৩ অক্টোবৰত হিন্দু বিবাহ আইনৰ ধাৰা ১৩(খ) ৰ অধীনত পাৰস্পৰিক সন্মতিৰে বিবাহ বিচ্ছেদৰ আবেদন দাখিল কৰিছিল। গোচৰটোৰ বিচাৰৰ সময়ত পৰিয়াল আদালতে যোৱা ৪ জুলাইত এক নিৰ্দেশৰ জৰিয়তে তেওঁলোকৰ বিবাহৰ পঞ্জীয়ন পত্ৰ ২৯ জুলাইৰ ভিতৰত দাখিলৰ নিৰ্দেশ দিয়ে। 

তেওঁলোকে হিন্দু বিবাহ পদ্ধতিৰে সমাজক সাক্ষী কৰি বিয়াত বহিছিল।আইনীভাৱে বিয়া কৰোৱা নাছিল। সেয়ে তেওঁলোকৰ হাতত নাছিল বিয়াৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰ। এই কথা তেওঁলোকে আদালতক জনাইছিল।

কিন্তু আদালতে ৩১ জুলাইত তেওঁলোকৰ এই কথাক আওকান কৰে আৰু কয় যে, হিন্দু বিবাহ আৰু বিবাহ বিচ্ছেদ নিয়ম, ১৯৫৬ ৰ নিয়ম ৩(ক) অনুসৰি প্ৰতিটো প্ৰক্ৰিয়াত বিয়াৰ পঞ্জীয়ন প্ৰমাণপত্ৰ সংলগ্ন কৰাটো বাধ্যতামূলক। আদালতে এই বুলিও কয়, বিপক্ষৰ আপত্তি নাথাকিলেও প্ৰমাণপত্ৰ দাখিল কৰিবই লাগিব।

নিম্ন আদালতৰ এনে স্থিতিত উপায়ন্তৰ হৈ আবেদনকাৰী এলাহবাদ ন্যায়লয়ৰ কাষ চাপে। ন্যায়ালয়ত আবেদনকাৰীৰ হৈ অধিবক্তাই যুক্তি দিয়ে যে, হিন্দু বিবাহ আইনৰ ধাৰা ৮ত বিয়াৰ পঞ্জীয়নৰ ব্যৱস্থা আছে, কিন্তু পঞ্জীয়ন নহলেও সেই বিয়া অবৈধ নহয়।

গোচৰটোৰ আবেদনকাৰীৰ বিয়া ২৭ জুন, ২০১০ত সম্পন্ন হৈছিল। উত্তৰ প্ৰদেশ বিবাহ পঞ্জীয়ন নিয়ম, ২০১৭ এই বিয়াৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। কিয়নো এই আইনখন প্ৰণয়ন হোৱাৰ পূৰ্বেই আবেদনকাৰীৰ বিয়া সম্পন্ন হৈছিল।

উচ্চ ন্যায়ালয়ে গোচৰটোৰ আদেশত কয়, “যেতিয়া হিন্দু বিবাহ আইনৰ বিধান অনুসৰি এখন বিয়া সম্পন্ন হয়, তাৰ প্ৰমাণৰ সুবিধাৰ বাবে ৰাজ্য চৰকাৰসমূহক পঞ্জীয়নৰ নিয়ম প্ৰণয়নৰ ক্ষমতা দিয়া হৈছে। এনে নিয়মত হিন্দু বিবাহ ৰেজিষ্টাৰ ৰক্ষণাবেক্ষণৰ ব্যৱস্থা থাকিব পাৰে, য’ত পক্ষসমূহে নিজৰ বিয়াৰ বিশদ তথ্য ৰেকৰ্ড কৰিব পাৰে। পঞ্জীয়নৰ উদ্দেশ্য কেৱল বিয়াৰ সুবিধাজনক প্ৰমাণ প্ৰদান কৰা।”

ন্যায়ালয়ে আৰু কয়, “ধাৰা ৮ৰ উপ-ধাৰা (১)ৰ পৰা (৪)ৰ অধীনত প্ৰণীত নিয়ম থকাৰ পিছতো ৰেজিষ্টাৰত তেওঁলোকৰ বিয়াৰ তথ্য নাথাকিলে তাৰ বাবে তেওঁলোকৰ বিয়াৰ বৈধতাক প্ৰভাৱিত নকৰে।” ন্যায়ালয়ে স্পষ্ট কৰে যে বিয়াৰ পঞ্জীয়ন প্ৰমাণপত্ৰ দাখিলৰ প্ৰয়োজনীয়তা কেৱল সেই ক্ষেত্ৰত প্ৰযোজ্য য’ত তেওঁলোকৰ বিয়া আইনখনৰ ধাৰা ৮ৰ অধীনত পঞ্জীয়ন কৰা হৈছে।

“বৰ্তমানৰ ক্ষেত্ৰত ২০১০ত সম্পন্ন হোৱা বিয়া পঞ্জীয়ন কৰা হোৱা নাই, গতিকে পঞ্জীয়ন প্ৰমাণপত্ৰ দাখিলৰ কোনো প্ৰয়োজনীয়তা নাই,” ন্যায়ালয়ে কয়।

ন্যায়ালয়ে আৰু কয়, “উচ্চতম ন্যায়ালয়ৰ আইন আৰু ১৯৫৬ৰ নিয়মৰ ৩(ক) উপ-নিয়মৰ অধীনত পৰিয়াল আদালতে বিয়াৰ পঞ্জীয়ন প্ৰমাণ পত্ৰ দাখিলৰ বাধ্যতামূলক দাবী সম্পূৰ্ণ অপ্ৰয়োজনীয়।সেয়েহে, নিম্ন আদালতৰ ৩১ জুলাই, ২০২৫ৰ আদেশ বাতিলৰ যোগ্য। সেই অনুসৰি উক্ত আদেশ বাতিল কৰা হৈছে।

ন্যায়ালয় বিয়া