নৃশংসতাৰ চৰম সীমা! হিন্দু যুৱকক গছত বান্ধি জ্বলাই দিলে উন্মত্ত জনতাই

একাংশ উত্তেজিত লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। উন্মত্ত জনতাই কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি, দিপুক এডাল গছত বান্ধি তেওঁক জুই লগাই দিয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল ডেস্কঃ  বাংলাদেশত চলি থকা অস্থিৰতাৰ মাজতে দেশখনৰ ময়মনসিংহ জিলাত এজন হিন্দু যুৱকক অতি নৃশংসভাৱে হত্যা কৰি জ্বলাই দিয়াৰ এক জঘন্য ঘটনা পোহৰলৈ আহিছে। ধৰ্মীয় অৱমাননা বা ধৰ্মক নিন্দা কৰাৰ অভিযোগ তুলি এদল উত্তেজিত জনতাই এই গণপ্ৰহাৰ সংঘটিত কৰে। এই ঘটনাই সমগ্ৰ অঞ্চলটোত ব্যাপক উত্তেজনাৰ সৃষ্টি কৰিছে।

প্ৰাপ্ত তথ্য অনুসৰি, এই ঘটনাটো বৃহস্পতিবাৰে নিশা ময়মনসিংহ জিলাৰ ভলুকা উপজিলাৰ অন্তৰ্গত স্কোৱাৰ মাষ্টাৰ বাৰীৰ ডুবালিয়া পাৰা অঞ্চলত সংঘটিত হয়। নিহত যুৱকজন দিপু চন্দ্ৰ দাস বুলি চিনাক্ত কৰা হৈছে। তেওঁ স্থানীয় এটা গাৰ্মেণ্ট ফেক্টৰীত শ্ৰমিক হিচাপে কাম কৰিছিল আৰু সেই অঞ্চলতে ভাড়াতীয়া হিচাপে বাস কৰিছিল।

প্ৰত্যক্ষদৰ্শী আৰু আৰক্ষীৰ সূত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে নিশা প্ৰায় ৯ বজাত এদল লোকে দিপু চন্দ্ৰ দাসে ধৰ্মীয় অনুভূতিত আঘাত হনাৰ অভিযোগ তুলি তেওঁক আটক কৰে। ইয়াৰ পিছতে একাংশ উত্তেজিত লোকে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। উন্মত্ত জনতাই কেৱল প্ৰহাৰ কৰিয়েই ক্ষান্ত নাথাকি, দিপুক এডাল গছত বান্ধি তেওঁক জুই লগাই দিয়ে।

ঘটনাৰ খবৰ পোৱাৰ লগে লগে ভলুকা থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ভলুকা থানাৰ ডিউটি অফিচাৰ ৰিপন মিয়াই সংবাদ মাধ্যমক জনোৱা মতে, "এদল লোকে নবীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগত যুৱকজনক প্ৰহাৰ কৰি গছত বান্ধি জ্বলাই দিছিল।"

 আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ময়মনসিংহ মেডিকেল কলেজ হাস্পতালৰ মৰ্গলৈ প্ৰেৰণ কৰিছে। আৰক্ষীয়ে জনাইছে যে, তেওঁলোকে নিহত যুৱকজনৰ আত্মীয়ৰ সন্ধান কৰিছে। পৰিয়ালৰ লোকে গোচৰ ৰুজু কৰিলে আইনগত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি আৰক্ষীয়ে আশ্বাস দিছে।

উল্লেখ কৰা প্ৰয়োজন যে, এই ঘটনাই বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ মাজত তীব্ৰ আতংক আৰু নিৰাপত্তাহীনতাৰ সৃষ্টি কৰিছে।

বাংলাদেশ বাংলাদেশ সীমান্ত বাংলাদেশী হিন্দু