/asomiyapratidin/media/media_files/2026/01/19/whatsapp-image-2026-01-19-09-39-44.jpeg)
ডিজিটেল ডেস্কঃ পুনৰ বাংলাদেশত হিন্দু ব্যৱসায়ীক হত্যা কৰিলে এটা পৰিয়ালৰ তিনিজন সদস্যই । গাজীপুৰ জিলাৰ কালিগঞ্জ অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
উল্লেখ্য যে, ব্যৱসায়ীজনৰ নাম লিটন চন্দ্ৰ ঘোষ বুলি জানিব পৰা গৈছে। ‘বৈশাখী ছুইটমিট এণ্ড হোটেল’ৰ স্বতাধিকাৰী আছিল লোকজন। এই ঘটনা সন্দৰ্ভত কালিগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া জাকিৰ হুছেইনে সদৰী কৰে, হত্যাকাণ্ডত জড়িত থকাৰ সন্দেহত এটা পৰিয়ালৰ তিনিজন সদস্য স্বপন মিঞা,তেওঁৰ পত্নী আৰু পুত্ৰ মাছুম মিঞাক আটক কৰাৰ কথা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/19/whatsapp-ima-2026-01-19-09-37-03.jpeg)
ঘটনাৰ বিৱৰণী মতে, লিটন চন্দ্ৰ ঘোষৰ বৈশাখী ছুইটমিট এণ্ড হোটেল’ৰ এজন ১৭ বছৰীয়া কিশোৰ কৰ্মচাৰীৰে এজন গ্ৰাহকে সামান্য কথাতে তৰ্কাতৰ্কি লিপ্ত হয়। সেই তৰ্কাতৰ্কিয়ে দুয়োপক্ষৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটাই। দোকানৰ কৰ্মচাৰী অনন্ত দাসক আক্ৰমণ কৰিবলৈ উদ্যত হওঁতে লিটনে বাধা প্ৰদান কৰে। তাৰ পাছতে অভিযুক্তই লিটন চন্দ্ৰ ঘোষক দোকান বন্ধ কৰি ঘৰলৈ যোৱাৰ পথত হত্যা কৰে ।ইপিনে আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us