হিম্বা জনজাতিঃ পৰিষ্কাৰ হ’বলৈ তেওঁলোকে ব্যৱহাৰ নকৰে পানী...

এই জনজাতিৰ লোকসকলে শৰীৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত পানীৰ ব্যৱহাৰ নকৰে। তেওঁলোকে পৰম্পৰাগতভাৱেই নিজৰ শৰীৰ পৰিষ্কাৰ কৰিবলৈ ধোঁৱা আৰু প্ৰাকৃতিক অন্যান্য উপাদানহে ব্যৱহাৰ কৰে।

author-image
Asomiya Pratidin
New Update
হিম্বা জনজাতিঃ পৰিষ্কাৰ হ’বলৈ তেওঁলোকে ব্যৱহাৰ নকৰে পানী...

ডিজিটেল ডেস্কঃ জনজাতীয় সমাজখনৰ ভাষা, সংস্কৃতি, জীৱন ধাৰণ প্ৰণালী, খাদ্যাভ্যাস, সাজপাৰ সকলোবোৰেই ব্যতিক্ৰম। এইসকলো উপাদনৰ সৈতে জড়িত হৈ থাকে মাটি আৰু প্ৰকৃতিৰ সম্পৰ্ক। আফ্ৰিকা মহাদেশত বিৰাজমান তেনে হাজাৰ হাজাৰ জনজাতীয় গোট। 

Advertisment

এই আফ্ৰিকাৰে দক্ষিণপ্ৰান্তত অৱস্থিত এখন দেশ নামিবিয়া। এই দেশখনতো আছে বহু কেইটা জনজাতি। তাৰে এটা জনজাতি হৈছে হিম্বা। নামিবিয়াৰ মৰুভূমিৰ মাজত বাস কৰা এই হিম্বা জনজাতিৰ জীৱনশৈলী, পৰম্পৰা বিশ্বৰ অন্যান্য জনজাতিৰ পৰা বহু পৃথক। 

জানি আচৰিত হ’ব এই জনজাতিৰ লোকসকলে শৰীৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত পানীৰ ব্যৱহাৰ একেবাৰেই নকৰে। তেওঁলোকে পৰম্পৰাগতভাৱেই নিজৰ শৰীৰ পৰিষ্কাৰ কৰিবলৈ ধোঁৱা আৰু প্ৰাকৃতিক অন্যান্য উপাদানহে ব্যৱহাৰ কৰে।

এই হিম্বা জনজাতিৰ লোকসকলে নিজৰ পৰম্পৰা আৰু সংস্কৃতিক সম্পূৰ্ণৰূপে অনুসৰণ কৰে। এই পৰম্পৰা, কৃষ্টি, সংস্কৃতি তেওঁলোকৰ পৰিচয়। হিম্বা জনজাতিয় গাঁৱত মহিলা, যুৱতীসকলো নিজৰ পৰম্পৰাৰ প্ৰতি সম্পূৰ্ণ আনুগত্যশীল।

পৰম্পৰা অনুসৰিয়েই তেওঁলোকে শৰীৰ পৰিষ্কাৰ কৰিবলৈ শতিকাধৰি এক বিশেষ পদ্ধতি অনুসৰণ কৰি আহিছে। প্ৰাকৃতিকভাৱে পোৱা কিছু সমল তেওঁলোকে জ্বলাই তাৰ ধোঁৱাৰে শৰীৰ পৰিষ্কাৰ কৰে।

প্ৰতিদিনেই তেওঁলোকে সূৰ্য উদয় হোৱাৰ পূৰ্বেই এই পদ্ধতি অনুসৰণ কৰি শৰীৰ পৰিষ্কাৰ কৰে। তেওঁলোকৰ বিশ্বাস এই পদ্ধতিৰে শৰীৰ পৰিষ্কাৰ কৰিলে কেৱল শৰীৰ পৰিষ্কাৰেই নহয়, বিভিন্ন ধৰণৰ বেক্টেৰিয়াই বহন কৰা বেমাৰ আদিৰ পৰাও মুক্ত হৈ থাকে।

এইদৰে নিৰ্দিষ্ট প্ৰক্ৰিয়াৰে ধোঁৱাৰে শৰীৰ পৰিষ্কাৰ কৰাৰ আঁৰত অৱশ্যে পানীৰ অভাৱো এক মূখ্য কাৰণ। মৰুভূমিৰ মাজত বাস কৰা এই লোকসকলৰ বাবে পানী অতি মূল্যাবান।

শৰীৰ পৰিষ্কাৰ কৰাৰ ক্ষেত্ৰত তেওঁলোকে এবিধ বিশেষ লোশ্যনো ব্যৱহাৰ কৰে। আধুনিক বডী লোশ্যনৰ পৰিবৰ্তে তেওঁলোকে পশুৰ চৰ্বি, হেমাটাইট নামৰ খনিজ পদাৰ্থৰে নিজেই তৈয়াৰ কৰি লয় এই বিশেষ লোশ্যন। 

এই লোশ্যনে তেওঁলোকৰ ছাল কোমল কৰি ৰাখে। সূৰ্যৰ তীব্ৰ ৰশ্মিৰ পৰা ৰক্ষা কৰে আৰু পোক-পৰুৱাকো তেওঁলোকৰ শৰীৰ পৰা দূৰত ৰাখে। এই জনজাতিৰ মহিলাসকলে জনোৱা মতে পানীৰে গা ধোৱাটো তেওঁলোকৰ বাবে এক উৎসৱৰ দৰে।

এই জনজাতিৰ মহিলাসকলে কেৱল বিয়াৰ দিনাহে পানীৰে গা ধোৱে।বিয়াৰ দিন ওচৰ চাপি আহিলেই তেওঁলোকৰ মনত পানীৰে গা ধুবলৈ পোৱাৰ কথাই অনাবিল আনন্দৰ সৃষ্টি কৰে। পানীৰে গা ধুবলৈ পাব বাবেই বিয়াৰ প্ৰতি মহিলাসকলৰ আছে বিশেষ আগ্ৰহ।

বিয়াৰ দিনা পানীৰে গা ধোৱাৰ পিছত পুনৰ সেই ধোঁৱা আৰু নিজেই প্ৰাকৃতিকভাৱে তৈয়াৰ কৰি লোৱা লোশ্যনৰ জৰিয়তে গা পৰিষ্কাৰ কৰা পৰম্পৰালৈ উভতি আহে। এই জনজাতিৰ আন এক সুন্দৰ পৰম্পৰাও আছে।

যেতিয়া এই জনজাতিৰ কোনো মহিলা গৰ্ভাৱতী হয় তেতিয়া তেওঁলোকক শিশুৰ সৈতে জড়িত গীত শিকোৱা হয়। এই সময়ত নতুন গীতো ৰচনা কৰা হয় আৰু সেইবোৰ দলীয় ভাৱে গোৱা হয়। যেতিয়া সন্তান জন্ম হয় তেতিয়া গোটেই গাঁৱৰ মহিলাসকলে এই গীত একেলগে গাই। সেই একেই গীত জন্ম হোৱা সন্তানৰ বিভিন্ন বিশেষ মুহূৰ্তত গোৱা হয়। 

হিম্বা জনজাতিয়ে পৰম্পৰাৰ লগতে আধুনিক জীৱনৰো সৈতেও তাল মিলাই চলিছে। শৈক্ষিকভাৱে বহু পিছপৰা যদিও এই জনগোষ্ঠীৰ যুৱক-যুৱতীয়ে শিক্ষা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। আধুনিক শিক্ষাৰে শিক্ষিত হৈছে যদিও এই জনগোষ্ঠীৰ লোকসকলে পৰম্পৰাক পাহৰি যোৱা নাই। 

এই জনজাতিৰ লোকসকলৰ দাবী তেওঁলোকৰ জীৱনশৈলীয়ে বিশ্বলৈ এক বাৰ্তা প্ৰেৰণ কৰিছে। তেওঁলোকৰ স্পষ্ট মত পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু স্বাস্থ্যৰ বাবে কেৱল পানীয়েই কেৱল একমাত্ৰ সম্বল নহয়। প্ৰকৃতিৰ অন্যান্য উপাদানেও এয়া সম্ভৱ। 

জনজাতি দক্ষিণ আফ্ৰিকা