উমৰাংছুত আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম মুকলি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

আগন্তুক দিনত সমগ্ৰ পাহাৰীয়া জিলাৰ ক্ৰিয়া ক্ষেত্ৰত উন্নয়ন কৰিবলৈ স্বায়ত্ব শাসিত পৰিষদৰ সহযোগিতা বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-12-05 at 4.57.50 PM

ডিজিটেল ডেস্কঃ অসমৰ পাহাৰীয়া জিলা ডিমা হাচাওৰ উমৰাংছুত সেউজীয়া  পৰিৱেশৰ মাজত তথা চুইজাৰলেণ্ড সদৃশ ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ ১৭নং গৰম পানী পৰিষদীয় সমষ্টি উমৰাংছু গলফ্লিল ক্ৰিকেট ষ্টেডিয়াম চেংঙিয়া তুলাৰাম পেভিলিয়নৰ আনুষ্ঠানিকভাৱে মুকলি কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ 

WhatsApp Image 2025-12-05 at 3.45.43 PM

অসমৰ ত্ৰীড়াক্ষেত্ৰত আন এক সংযোজন, উমৰাংছু’ৰ অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়াম। অসম ক্ৰিকেট সন্থাই নিৰ্মাণ কৰা অত্যাধুনিক ক্ৰিকেট ষ্টেডিয়ামখন উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কেএএচি চিইএম ড° তুলিৰাম ৰংহাং সহ ডিমা হাচাও চিইএম দেৱলাল গৰলোচা,অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী নন্দীতা গৰলোচাই। 

WhatsApp Image 2025-12-05 at 3.48.38 PM (1)

উল্লেখ্য যে,  বিবিচিআই সচিব দেৱজিৎ শইকীয়া,অসম ক্ৰিকেট সংস্থা সভাপতি বিধায়ক তৰংগ গগৈ আৰু ডিমা হাচাও জিলাৰ বিভিন্ন বিভাগৰ ইএম ;এমএচি আৰু স্থানীয় গণ্যমান লোকসকল উপস্থিত থাকে ৷ সভাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে যে-  আগন্তুক দিনত সমগ্ৰ পাহাৰীয়া জিলাৰ ক্ৰিয়া ক্ষেত্ৰত উন্নয়ন কৰিবলৈ স্বায়ত্ব শাসিত পৰিষদৰ সহযোগিতা বিভিন্ন উন্নয়নমূলক আঁচনি ৰূপায়ন কৰিবলৈ বদ্ধপৰিকৰ বুলি উল্লেখ কৰে। তদুপৰি ফুটবল খেলাৰ বাবে চৰকাৰে ফ্লিড নিৰ্মাণৰ কৰিবলৈ চৰকাৰে বদ্ধপৰিকৰ বুলি উল্লেখ কৰে ৷ মুঠতে অতি জাকজমকতাৰে মুকলি সভাত উমৰাংছ বিভিন্ন জনগোষ্ঠীৰ ৰাইজ উপস্থিত থাকে৷

WhatsApp Image 2025-12-05 at 3.48.37 PM

ডিমা হাচাও