কংগ্ৰেছে মুকলিকৈ জুবিনক লৈ ৰাজনীতি কৰিছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভতো আগবঢ়াইছে মন্তব্য। 

author-image
Asomiya Pratidin
New Update
new ap web 3.jpg (2)

ডিজিটেল ডেস্কঃ সমাগত ২০২৬ ৰ বিধানসভা নিৰ্বাচন। প্ৰতিটো ৰাজনৈতিক দলে দলে নিজ নিজ দলৰ প্ৰচাৰ অভিযান ইতিমধ্যে আৰম্ভ কৰিছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে জুবিন ক্ষেত্ৰ পৰিদৰ্শন কৰা সন্দৰ্ভতো আগবঢ়াইছে মন্তব্য। 

WhatsApp Image 2026-02-22 at 12.44.50 PM

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে-  প্ৰিয়ংকা গান্ধী ৰাজনৈতিক কামতহে অসমলৈ আহিছিল। ৰাজনৈতিক কামত আহিলে মানুহে সুযোগ লৈ জুবিনক্ষেত্ৰলৈ যাব নাপায়। আমাৰ দলৰ নেতা সকল নিৰ্বাচনৰ পাছত হে যাব জুবিনক্ষেত্ৰত। মই আকৌ মুখ্যমন্ত্ৰী হ'লেহে যাম জুবিনক্ষেত্ৰত। আমি জুবিনক লৈ ৰাজনীতি নকৰোঁ। কংগ্ৰেছে মুকলিকৈ কৰিছে জুবিনক লৈ ৰাজনীতি। প্ৰিয়ংকা গান্ধী ৮৬০গৰাকী শ্বহীদৰ ক্ষেত্ৰত কিয় নগ’ল? লগতে প্ৰিয়ংকা গান্ধীয়ে বৰদোৱাত কিয় ন'গল ?

image (58)

জুবিনক্ষেত্ৰ প্ৰিয়ংকা গান্ধী মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা