কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছেঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিস্ফোৰক মন্তব্য দিছে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে যে- কংগ্ৰেছে অখিল গগৈক ব্লেকমেইল কৰি আছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-03-04 at 9.54.20 AM

ডিজিটেল ডেস্কঃ আগন্তুক ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ এতিয়া প্ৰতিটো ৰাজনৈতিক দলৰ  ব্যাপক কুছকাৱাজ আৰম্ভ হৈছে। শাসকীয় বিজেপি দলৰ লগতে কংগ্ৰেছেও আৰম্ভ কৰিছি জনতাৰ মন জয়ৰ বাবে ভিন্ন পন্থা। তাৰ মাজতে মংগলবাৰে কংগ্ৰেছৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ পাইছে। এই প্ৰাৰ্থী তালিকা প্ৰকাশ পোৱাৰ পাছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতাক লৈ বিস্ফোৰক মন্তব্য প্ৰদান কৰে। 

মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে- অখিল গগৈক বাহিৰত কথা-বাৰ্তা কোৱা এজন ডাঙৰ নেতা যেন লাগে। কিন্তু কংগ্ৰেছে তেওঁক কম গুৰুত্ব দিয়ে। ৰাইজৰ দলে বৰচলা, মাহমৰাত টিকট বিচাৰিছিল। কিন্তু তেওঁলোকক আওঁকান কৰি কংগ্ৰেছে তাত প্ৰাৰ্থী দিলে। অখিল গগৈয়ে কংগ্ৰেছৰ লগত কাজিয়া কৰিব নোৱাৰে। তেওঁ মাত্ৰ দৰ-দাম কৰি আছে।অখিলে অকলে শিৱসাগৰৰ পৰা জিকিব নোৱাৰে। সেই কাৰণে অখিল গগৈক কংগ্ৰেছ দলে তেওঁক ব্লেকমেইল কৰি আছে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা