এখন ফটোৱে পোহৰলৈ আনিছিল সাংসদ গৌৰৱ গগৈৰ পাক-সংযোগঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি এই সংবাদমেলৰ আয়োজন কৰে ৷ 

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2026-02-08 at 12.11.06 PM

ডিজিটেল ডেস্কঃ দীৰ্ঘদিনীয়া বিতৰ্কৰ অন্ত পেলাই অৱশেষত আজি আয়োজন কৰা হৈছে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ বহু প্ৰতিক্ষিত বিশেষ সংবাদমেল ৷ দিছপুৰৰ লোকসেৱা ভৱনত আয়োজন কৰা হৈছে এই বিশেষ আৰু গুৰুত্বপূৰ্ণ সংবাদমেলখন ৷ মূলতঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ আৰু তেওঁৰ পৰিবাৰৰ পাকিস্তান সংযোগৰ গোচৰ সন্দৰ্ভত এছ আই টিয়ে কৰা তদন্তৰ ওপৰত ভিত্তি কৰি এই সংবাদমেলৰ আয়োজন কৰে ৷ 

image (59)

উল্লেখ্য যে, সংবাদমলত SITৰ মুন্না প্ৰসাদ গুপ্তা, SSP ৰ'জী কলিতা, অতুল বৰা, কেশৱ মহন্ত, অজন্তা নেওগ, চন্দ্ৰ মোহন পাটোৱাৰী, প্ৰশান্ত ফুকন উপস্থিত থাকে। গৌৰৱ গগৈৰ পাক-সংযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে- আমাৰ জাতিটোৰ বাবে এয়া অতি দুখৰ দিন। ২০১৫ চনৰ ১৪ ছেপ্তেম্বৰত এই তথ্য পোহৰলৈ আহিছিল। যুৱ প্ৰজন্মৰ এটা দলক পাকিস্তান এমবেচীলৈ লৈ গৈছিল গৌৰৱ গগৈয়ে। লগতে কয়- মই ছিংগাপুৰত থাকোঁতে হোৱাইটছএপত এখন  ফটো পাইছিলো। মই ভাবিছিলোঁ ফটোখন ভুৱা। কিন্তু কংগ্ৰেছৰ নেতাই দাবী কৰিলে সত্য, তাৰ পাছত তদন্ত হ'ল। তদন্তত পোহৰলৈ আহিল আলী টৌকীৰ শ্বেখৰে থকা সম্পৰ্কৰ তথ্য। গৌৰৱ গগৈক কংগ্ৰেছে সুৰক্ষা দিয়াৰ চেষ্টা কৰিছে। গৌৰৱৰ পৰিয়াল আলী টৌকীৰ শ্বেখৰ ঘনিষ্ঠ। '২০১০ চনৰ পৰা ২০১৩ চনলৈ ১৩ বাৰ ভাৰতলৈ আহিছিল আলী টৌকীৰ শ্বেখ। মোডী চৰকাৰ গঠন হোৱাৰ পাছত কিন্তু  এবাৰো ভাৰতলৈ অহা নাই আলী টৌকীৰ।দিল্লীৰ এখন সৰু হোটেলত আছিল আলী টৌকীৰ শ্বেখ। দিল্লীৰ গ’ল্ড মেট্ৰ’পলিটান হোটেলত আছিল সকলো লোক। আলী টৌকীৰে এলিজাবেথক লীড পাকিস্তানত চাকৰি দিছিল। তাৰ পৰাই ভাৰতলৈ বদলি হৈছিল এলিজাবেথ। কিন্তু তেওঁ পাকিস্তানৰ পৰাই দৰমহা পাই আছিল।”

ইপিনে পাকিস্তানৰ গৃহমন্ত্ৰালয়ৰ সৈতে গৌৰৱৰ সুসম্পৰ্ক আছিল। গৌৰৱ গগৈ পাকিস্তানত ১০ দিন আছিল । জিণ্টু গগৈক হত্যা কৰা পাকিস্তানে কিয় গৌৰৱ গগৈক ৰঙা দলিচা পাৰি দিছিল? আমি এলিজাবেথ কলবাৰ্ণক জেৰা কৰিছিলোঁ। গৌৰৱ গগৈ পাকিস্তানৰ ক’ত আছিল কাক লগ পাইছিল সুধিছিলোঁ। এলিজাবেথে আমাক কোনো উত্তৰ দিয়া নাছিল। 

গৌৰৱ গগৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা