বিজেপিৰ চৰকাৰত হাগ্ৰামাৰ দখল! কাইলৈ বি পি এফৰ বিধায়ক চৰণ বড়োৰ শপত গ্ৰহণ...

ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত প্ৰৱেশ হাগ্ৰামা নেতৃত্বাধীন বি পি এফৰ বিধায়ক। যোৱা ১৬অক্টোবৰ, ২০২৫ত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হাগ্ৰামা মহিলাৰীয়ে সাক্ষাত কৰাৰ পাছতে চূড়ান্ত হৈছিল

author-image
Asomiya Pratidin
New Update
AP WEB  bpf

ডিজিটেল ডেস্কঃ ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰত প্ৰৱেশ হাগ্ৰামা নেতৃত্বাধীন বি পি এফৰ বিধায়ক। যোৱা ১৬অক্টোবৰ, ২০২৫ত দিল্লীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হাগ্ৰামা মহিলাৰীয়ে সাক্ষাত কৰাৰ পাছতে চূড়ান্ত হৈছিল বিজেপি- বি পি এফৰ মিত্ৰতা। তাৰ পিছতে অসম চৰকাৰত কেবিনেট মন্ত্ৰী হিচাপে বি পি এফৰ এগৰাকী বিধায়কক অন্তভূৰ্ক্ত কৰাৰ চিন্তা-চৰ্চা আৰম্ভ হৈছিল।

অসমীয়া প্ৰতিদিন ডিজিটেলে শেহতীয়াকৈ লাভ কৰা খবৰ অনুসৰি, বি পি এফৰ বিধায়ক চৰণ বড়োক অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী হিচাপে দায়িত্ব প্ৰদান কৰা হব। মন্ত্ৰীগৰাকীক পৰিবহণৰ দৰে দপ্তৰ অৰ্পণ কৰা হব বুলিও চৰ্চা আৰম্ভ হৈছে। ইয়াৰ মাজতে খবৰ আহিছে যে. ১৮অক্টোবৰ, শনিবাৰে চৰণ বড়োক শপত বাক্য পাঠ কৰাব ৰাজ্যপালে।

উল্লেখ কৰা প্ৰয়োজন যে, যোৱা ১৬অক্টোবৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক হাগ্ৰামা মহিলাৰীয়ে সাক্ষাত কৰাৰ পাছতে ইউ পি পি এল প্ৰধান প্ৰমোড বড়োৱেও সাক্ষাত কৰিছিল। প্ৰমোদ বড়োৰ সৈতে কি আলোচনা কৰা হল সেয়া এতিয়াও ৰাজহুৱা হোৱা নাই। ইউ পি পি এল এন ডি এত এতিয়া আছেনে নাই সেয়াও স্পষ্ট কৰা নাই কোনো এটা দলে। 

হাগ্ৰামাৰ পূৰ্বেই চৰ্ত বান্ধি দিছিল যে, ইউ পি পি এল এন ডি এত থাকিলে বি পি এফ তাত কেতিয়াও নোসোমায়। এই দিশৰ পৰা চাবলৈ গ'লে হয়তো বিজেপিয়ে ইউ পি পি এলক আউট কৰিয়েই বি পি এফ অন্তভূক্ত কৰি এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। 

ড০ হিমন্ত বিশ্ব শৰ্মা