হিমন্ত বিশ্বৰ দিনত হ্রাস পাইছে কেন্দ্ৰৰ অনুদান, বৃদ্ধি পাইছে ঋণ : অখিল গগৈ

সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। মঙলবাৰে অসম বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ অর্থনীতি সন্দর্ভত একাধিক প্রশ্ন উত্থাপন কৰে

author-image
Asomiya Pratidin
New Update
140

ডিজিটেল সংবাদ, গুৱাহাটী : সোমবাৰৰ পৰা আৰম্ভ হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন। মঙলবাৰে অসম বিধানসভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ অর্থনীতি সন্দর্ভত একাধিক প্রশ্ন উত্থাপন কৰে। 

ডাবল ইঞ্জিন চৰকাৰত কেন্দ্রৰ পৰানো অসমে কিমান টকা পাইছে তাৰ হিচাপ সংবাদ মাধ্যমত দাঙি ধৰে সভাপতি অখিল গগৈয়ে। আজি গগৈয়ে বিধানসভাত এই প্রশ্ন কৰাত মন্ত্রী পীযুষ হাজৰিকা আৰু চন্দ্র মোহন পাটোৱাৰীৰ মাজত আজি মাৰপিট হওঁ হওঁ অৱস্থা হোৱা বুলি উল্লেখ কৰে এক বিবৃতিত। 

লগতে কয় যে, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সদায়ে কৈ থাকে যে কেন্দ্রীয় চৰকাৰে অসমক বহু টকা দিছে। আজি ইয়াকে লৈ বিধানসভাত প্রশ্ন আছিল, হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমে কেন্দ্ৰৰ পৰা পোৱা অনুদান আৰু ফাইনেন্স কমিচনৰ অংশ যাক Devolution বুলি কয় তাৰ পৰিমাণ কিমান বাঢ়িছে? 

অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহে ডাবল ইঞ্জিনৰ চৰকাৰৰ দিনত ৰাজ্য চৰকাৰে কেন্দ্ৰৰ পৰা বহু টকা পোৱা বুলি কৰা দাবীৰ প্রকৃত সত্য। যিটো সত্যই উদঙাই দিয়ে অসমৰ অর্থনীতিৰ আচল ছবিখন। 

বিত্তমন্ত্রী অজন্তা নেওগে দিয়া লিখিত উত্তৰ অনুসৰি ২০২১-২২ চনত কেন্দ্রই অনুদান দিছিল ৩০,৩২৬ কোটি টকা। ২০২২-২৩ চনত সেই টকা কমি হয়গৈ ২৯,৭৮৫ কোটি টকা। ২০২৩-২৪ ত কেন্দ্ৰৰ অনুদান হয় ২২,১২৩ কোটি টকা আৰু ২০২৪-২৫ ত কেন্দ্ৰৰ অনুদান কমি হয়গৈ ২১,২৫০ কোটি টকা। অর্থাৎ কেন্দ্রীয় অনুদান ৩০ হাজাৰ কোটি টকাৰ পৰা ২১ হাজাৰ কোটি টকালৈ হ্রাস পাই হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত। 

ইয়াৰ লগতে প্রশ্ন আছিল ফাইনেন্স কমিচনৰ অংশৰ বিষয়ে। ফাইনেন্স কমিচনে যিবোৰ পইচা পাই তাৰ পৰা ৰাজ্যসমূহলৈ উভতাই পঠিয়াই। ফাইনেন্স কমিচনৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ দিনত আমি কিমান টকা পাইছো তাক লৈ আছিল এই প্রশ্ন। 

বিধানসভাত দাখিল কৰা তথ্য মতে ফাইনেন্স কমিছনৰ অংশ ২০২১-২২ত আছিলে ৮,৯১৬ কোটি টকা। সেইটো গৈ ২০২২-২৩ ত হ'ল ৭,৩৫৫ কোটি টকা, ২০২৩-২৪ত হ'ল ৫,৫৯৯ কোটি টকা আৰু ২০২৪-২৫ত হ'ল ১,৩৫৬ কোটি টকা। অর্থাৎ ফাইনেন্স কমিচনৰ অংশ কেন্দ্রীয় চৰকাৰে ৮,৯১৬ কোটি টকাৰ পৰা ১,৩৫৬ কোটি টকালৈ হ্রাস কৰিলে। 

এইটো ৰাজ্যৰ অৰ্থনীতিৰ বাবে এটা ভয়াবহ দিশ। ইয়াৰ বিপৰীতে কিন্তু ধাৰৰ পৰিমাণ বৃদ্ধি পালে। ২০২১-২২ত অসম চৰকাৰে ধাৰ লৈছিল ১৪,৮৯৬ কোটি টকা, ২০২২-২৩ ত সেই ধাৰ হ'ল ২৩.৬৬১ কোটি টকা, ২০২৩-২৪ ত হ'লগৈ ২৭,৭৭২ কোটি টকা আৰু ২০২৪-২৫ত ধাৰ হ'লগৈ ৩০,৬৭৩ কোটি টকা। 

মুখ্যমন্ত্রী হৈহিমন্ত বিশ্ব শৰ্মাই প্রথম বছৰত ধাৰ লৈছিল ১৪, ৮৯৬ কোটি টকা, যি ধাৰ ২০২৪-২৫ ত ধাৰ হ'লগৈ ৩০,৬৭৩ কোটি টকা। ইয়াৰ অর্থ এয়াই যে কেন্দ্ৰীয় চৰকাৰে ফাইনেন্স কমিচনৰ যিটো অংশ দিব লাগে সেইটো দিনে দিনে কমাই গৈ আছে। তাৰোপৰি কেন্দ্রীয় অনুদানো দিনে দিনে কমাই গৈ আছে। 

কেন্দ্ৰৰ অনুদান আৰু ফাইনেন্স কমিচনৰ ধন নাপায় ধাৰৰ ওপৰত ধাৰ লৈছে হিমন্ত বিশ্ব শর্মাই। নৰেন্দ্র মোডীৰ পৰামৰ্শ মতে ৩২% লৈকে ধাৰ লোৱাৰ কথা আজি বিধানসভাত স্বীকাৰ কৰা হৈছে। গতিকে হিমন্ত বিশ্ব শর্মা চৰকাৰৰ দিনত অসমৰ অর্থনৈতিক অৱস্থা কিমান বেয়ালৈ গৈছে সেয়া আজি স্পষ্ট হৈ পৰিছে।

আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ দিনত Exsise Tax, Income Tax, Property Tax আদিৰ পৰা অহা ৰাজহৰ পৰিমাণ যদি চাই, ২০২১-২২ত ৰাজহৰ পৰা আহিছিল ৪৭,৭৮৪ কোটি টকা। আনহাতে ২০২৪-২৫ত ৰাজহৰ পৰা আহে ৭০,৩০৬ কোটি টকা। অর্থাৎ অসমৰ মানুহৰ পৰা চেপি খুন্দি কৰ সংগ্ৰহ কৰিছে হিমন্ত বিশ্ব শর্মা চৰকাৰে। 

কেন্দ্ৰীয় চৰকাৰ আৰু ফাইনেন্স কমিচনৰ পৰা টকা কমি অহাত সকলোতে tax বঢ়াইছে এইখন চৰকাৰে। সৰিয়হ চেপাৰ দৰে জনতাক চেপি পেলাইছে বিজেপি চৰকাৰে। এইটো হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ দিনত অসমৰ অৰ্থনীতিৰ প্ৰকৃত ছবি।

তাৰোপৰি ৰাইজৰ দলে বিবৃতিত উল্লেখ কৰে যে, অসমৰ অৰ্থনীতিক লৈ এইকেইটা প্রশ্ন এই কথা আজি অখিল গগৈয়ে বিধানসভাত উত্থাপন কৰিছিল। কিন্তু বিভাগীয় মন্ত্রী অজন্তা নেওগে ভয়তে প্রশ্নৰ উত্তৰ দিবলৈ নাহিল। অজন্তা নেওগৰ অনুপস্থিতিত মন্ত্রী চন্দ্রমোহন পাটোৱাৰীক উত্তৰ দিয়াৰ দায়িত্ব প্রদান কৰা হ'ল। তাৰ বিপৰীতে সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰীয়ে এই প্রশ্নৰ এটাও উত্তৰ নিদিলে।

অসমৰ GDP ত কেন্দ্ৰীয় চৰকাৰৰ অংশ বাঢ়িছে নে ৰাজ্য চৰকাৰৰ বাঢ়িছে ?

অখিল গগৈৰ আন এটা প্রশ্ন আছিল GDP লৈ কাৰ কি অংশ? আমাৰ অসমৰ GDP ত কেন্দ্ৰীয় চৰকাৰৰ অংশ বাঢ়িছে নে ৰাজ্য চৰকাৰৰ বাঢ়িছে? সকলো আচৰিত হ'ব যে GDP ৰ শতাংশ হিচাপে কেন্দ্ৰীয় চৰকাৰৰ সাহায্যৰ অনুদান ২০২১-২২ ত আছিল ৭%, ২০২২-২৩ত হয় ৬%, ২০২৩-২৪ত হয় ৪% আৰু ২০২৪-২৫ত হয় গৈ ৩%। অসমৰ অৰ্থনৈতিক অৱস্থা কিমান বেয়া হৈছে তাৰ প্রমাণ হিচাপে ইয়াতকৈ ডাঙৰ তথ্য থাকিবই নোৱাৰে।

বিত্ত আয়োগ অর্থাৎ ফাইনেন্স কমিচনৰ অনুদানৰ ক্ষেত্ৰতো একেই অবস্থা। ২০২১-২২ত আমি GDP ৰ ২.২% পাইছিলোঁ। ২০২২-২৩ত সেইটো হয় ১.৫%, ২০২৩-২৪ত ১% আৰু ২০২৪-২৫ত আমি পাওঁ ০.২%। ফাইনেন্স কমিচনৰ অংশ ২.২% ৰ পৰা কমি হয় গৈ ০.২%। 

এনেদৰে ৰাজ্যৰ GDP লৈ বিত্ত আয়োগৰ অনুদান আৰু কেন্দ্ৰীয় চৰকাৰৰ অনুদান কমি যোৱাৰ বিপৰীতে ৰাজহুৱা ঋণৰ পৰিমাণ বাঢ়ি গ'ল হিমন্ত বিশ্ব শর্মাৰ দিনত। অখিল গগৈৰ আন এটা প্রশ্ন আছিল প্রতিশ্রুতিবদ্ধ ব্যয় (Committed Expenditure)ৰ ওপৰত। ২০২৪-২৫ বৰ্ষত অসমৰ দৰমহা, পেঞ্চন আৰু সুঁতৰ নামত ব্যয় আছিল ৫৯,২৫৯ কোটি টকা। 

তাৰে আমাৰ নিজৰ উপার্জন Tax Revenue আৰু Non Tax Revenue ৰ পৰা আমি উপার্জন কৰিলোঁ ৩৫,৪০৪ কোটি টকা। দৰমহা দিব লাগে ৬০ হাজাৰ কোটি টকা আৰু উপাৰ্জন কৰিলোঁ ৩৫ হাজাৰ কোটি টকা। অর্থাৎ ২৫ হাজাৰ কোটি টকা আমাৰ প্ৰতি বছৰে ধাৰ। অসমৰ দৰমহা দিবৰ বাবে আমি প্রতি বছৰে ধাৰ ল'ব লাগে ২৫ হাজাৰ কোটি টকা। যি ৰাজ্যৰ অৰ্থনীতিৰ বাবে এক ভয়াৱহ খবৰ।

তাৰ পিছৰ প্ৰশ্নত আছিল অসম চৰকাৰে মুঠ কিমান হিতাধিকাৰী আঁচনি চলাই আছে। কিন্তু চৰকাৰে এই প্রশ্নৰ কোনো উত্তৰ নিদিলে। অখিল গগৈয়ে সুধিছিল যে হিতাধিকাৰী আঁচনি চলাবলৈ কিমান টকা খৰচ হয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে সেইটোৰো উত্তৰ নিদিলে।

তাৰ পিছত সুধিলে মাইক্রফাইনেন্সৰ ঋণ মাফ কৰাৰ প্ৰসংগ। মুখ্যমন্ত্রীয়ে মহিলাসকলৰ ঋণ মাফ কৰাৰ প্রতিশ্রুতি দিছিল। অখিল গগৈয়ে সুধিলে, অসমৰ মহিলাৰ ধাৰ কিমান আছিল? উত্তৰত চৰকাৰে কয় ১২,৫০০ কোটি টকা। ইয়াৰ ২,৩০৪.০৩ কোটিন ধাৰ মাৰিছে চৰকাৰে। অর্থাৎ ধাৰ মাৰিবলৈ বাকী থাকিল ৯,৭০০ কোটি টকা। 

চৰকাৰৰ এই কাণ্ডত গোটেই অসমৰ মহিলাই সুদে-মূলে চক্রবৃদ্ধি সুঁত দিব লগা অবস্থা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে অসমৰ মহিলা সকল এদিন জে'লতো যাব লগীয়া হ'ব পাৰে। এয়াই হৈছে ডাবল ইঞ্জিন চৰকাৰৰ দিনত অসমৰ ৰাজ্যৰ অৰ্থনীতিৰ প্ৰকৃত ছবি। ডাবল ইঞ্জিন চৰকাৰৰ দিনত এনেকৈয়ে দিনে দিনে ধৰুৱা হৈ গৈ আছে অসম।

ৰাইজৰ দল