/asomiyapratidin/media/media_files/2025/08/31/dddddd-2025-08-31-11-55-11.jpg)
ডিজিটেল সংবাদ, শিলচৰ: দুদিনীয়া চৰকাৰী কাৰ্যসূচী লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আজি বৰাক উপত্যকালৈ আহিব। শিলচৰৰ ৰাংগিৰখাৰী পইন্টত নিৰ্মাণ কৰা নেতাজী সুভাষচন্দ্ৰ বসু আৰু ঘুংগুৰ চাৰিআলি পইন্টত নতুনকৈ নিৰ্মাণ কৰা শ্বহিদ মংগল পাণ্ডেৰ দুটা মুৰ্তি উন্মোচন কৰিব মুখ্যমন্ত্ৰীয়ে।
আবেলি তিনি বজাত নেতাজীৰ মুৰ্তি উন্মোচন কৰাৰ পিছত এখন সভাতো ভাষণ প্ৰদান কৰিব মুখ্যমন্ত্ৰীয়ে। তাৰ পিছত মুখ্যমন্ত্ৰী ঘুংগুৰলৈ গৈ আবেলি চাৰে চাৰি বজাত মংগল পাণ্ডেৰ মুৰ্তি উন্মোচন কৰিব। নিশাটো শিলচৰত কটাই মুখ্যমন্ত্ৰীয়ে সোমবাৰে শ্ৰীভুমি জিলালৈ ৰাওনা হ'ব মুখ্যমন্ত্ৰী ড' হিমন্ত বিশ্ব শৰ্মা।
শ্ৰীভুমিত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ সহ কেইবাটাও চৰকাৰী অনুষ্ঠানত অংশগ্ৰহণ কৰি সিদিনাই মুখ্যমন্ত্ৰী গুৱাহাটীলৈ উভতি যাব। মুখ্যমন্ত্ৰীৰ এই কাৰ্যসূচী সন্দৰ্ভত শিলচৰৰ বিধায়ক তথা নেতাজী মূৰ্তি নৱ নিৰ্মাণ আৰু স্থাপনা কমিটীৰ আহ্বায়ক দিপায়ন চক্ৰবৰ্তীয়ে এক সংবাদ মেলত সদৰি কৰে।