নেতা নহয়! ২৬ত উকীলহে হ'ব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল...

২০২৬ৰ বিধানসভা নিৰ্বাচনত বহুকেইখন নতুন মুখক দেখা যাব বুলি ইতিমধ্যে চৰ্চা হৈছে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নতুন মুখৰ প্ৰসংগ ওলালেই চৰ্চাত থাকে এটা বিশেষ নাম। সেই নামটো হৈছে নন্দিল বিশ্ব শৰ্মা। 

author-image
Asomiya Pratidin
New Update
c0fe39fb-240d-42b2-b9fe-3978ba255165

ডিজিটেল ডেস্কঃ ২০২৬ৰ বিধানসভা নিৰ্বাচনত বহুকেইখন নতুন মুখক দেখা যাব বুলি ইতিমধ্যে চৰ্চা হৈছে। অসমৰ ৰাজনৈতিক প্ৰেক্ষাপটত নতুন মুখৰ প্ৰসংগ ওলালেই চৰ্চাত থাকে এটা বিশেষ নাম। সেই নামটো হৈছে নন্দিল বিশ্ব শৰ্মা। 

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মা। পিতৃৰ সমানে সমানে পুত্ৰ নন্দিলো এতিয়া সকলোৰে বাবে এখন চিনাকী মুখ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী ৰেলীত প্ৰায়ে দেখা যায় পুত্ৰ নন্দিলক। ২০২১ৰ নিৰ্বাচনৰ সময়ত নন্দিল বিশ্ব শৰ্মাক লৈ বেচ চৰ্চা হৈছিল অসমৰ সংবাদমাধ্যমত। 

২০২১ত পিতৃ মনোনয়ন পৰ্ব ৰেলীত অংশ লোৱাৰ পাছতে চৰ্চালৈ অহা নন্দিল ২০২৬ত সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰিব নেকি বুলি সকলোৰে মনত প্ৰশ্নৰ অৱতাৰণা হৈছিল। সময়ে সময়ে এই প্ৰসংগই সামাজিক মাধ্যমতো চৰ্চা লভিছিল। কিন্তু এই চৰ্চাক যেন বহু দূৰলৈকে ইতি লগালে পিতৃ হিমন্ত বিশ্ব শৰ্মাই।

যোৱা ২৭আগষ্টত আছিল নন্দিলৰ জন্মদিন। সেই দিনটোতে পুত্ৰক ওপজা দিনৰ শুভেচ্ছা জনাই পিতৃ হিমন্ত বিশ্ব শৰ্মাই লিখিছিল এটা বিশেষ পোষ্ট। তাত উল্লেখ কৰিছিল এনেদৰে- আজি আমাৰ সন্তান নন্দিলে ২৪ বছৰ বয়সত ভৰি থ'লে। সময় পাখি লগা, কিন্তু সন্তানৰ প্ৰতি পিতৃ-মাতৃৰ মৰম কেতিয়াও সলনি নহয়। মই তেওঁক পিতৃ হিচাপে যিমান সময় দিব লাগিছিল, সিমানখিনি সময় দিব পৰা নাই৷ তথাপি আজি মই ক'ব পাৰোঁ যে পিতৃ হিচাপে নন্দিলক লৈ মই গৌৰৱ কৰিব পাৰিছোঁ আৰু অহা বছৰৰ পৰা নন্দিল অধিবক্তা হ'ব৷ আপোনালোক সকলোৱে তেওঁক আশীৰ্বাদ কৰিব, যাতে ঈশ্বৰ সদায় তেওঁৰ সৈতে থাকে৷'

মুখ্যমন্ত্ৰীগৰাকীয়ে অহা বছৰৰ পৰা পুত্ৰ অধিবক্তাৰূপে কাম আৰম্ভ কৰাৰ কথা উল্লেখ কৰিছে। গতিকে ২০২৬ৰ নিৰ্বাচনত নন্দিল সক্ৰিয় ৰাজনীতিত প্ৰৱেশ কৰাৰ সম্ভাৱনা খুবেই ক্ষীণ। কিন্তু এটা কথাও ঠিক যে, অধিবক্তা হলেই যে ৰাজনীতিত যোগদান কৰিব নোৱাৰিব এয়াও কোনো কথা নাই।  ড০ হিমন্ত বিশ্ব শৰ্মাইও ৰাজনীতিত প্ৰৱেশৰ পূৰ্বে অধিবক্তাৰূপে কিছু দিন কাম কৰিছিল। 

গতিকে পিতৃৰ পদাংক অনুসৰণ কৰিয়েই আইন, সমাজ সকলো দিশতে যাৱতীয় জ্ঞান লৈ ৰাজনীতিত প্ৰৱেশ কৰিব পাৰে নন্দিলে। অৱশ্যে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীয়েও কোনো কথা মুকলিকৈ কোৱা নাই। পূৰ্বৰ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল য়ে, তেওঁৰ সন্তানক কোনো কামৰ বাবে তেওঁ কেতিয়াও জোৰ নকৰে। এতিয়া সময়েহে ক'ব, নন্দিলে আগন্তুক সময়ত কি পথ বাচি লয়। 

উল্লেখ্য যে, ২০২১ত বাংগালুৰুস্থিত National Law School of India Universityত  অধ্যয়নৰ বাবে সুযোগ পাইছিল মুখ্যমন্ত্ৰীৰ পুত্ৰই।  CLATত ৪০ নম্বৰ ৰেংক অৰ্জন কৰি দেশৰ ভিতৰতে প্ৰেষ্টিজিয়াছ National Law School of India Universityত নামভৰ্তি কৰিছিল নন্দিলে। 

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা