ডিজিটেল ডেস্কঃ যোৱা ১০ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংকৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে সকলো কথা ৰাজহুৱা নকৰাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। ইয়াৰ মাজতে পৰ্যায়ক্ৰমে মুখ্যমন্ত্ৰীয়ে সামাজিক মাধ্যমৰ যোগেৰে এছ আই টিৰ প্ৰতিবেদনত কি আছে সেয়া ৰাজহুৱা কৰিছে।
১১ছেপ্টেম্বৰৰ সন্ধিয়া সামাজিক মাধ্যম যোগে, ৯৬পৃষ্ঠাজোৰা এছ আই টিৰ প্ৰতিবেদনৰ কিছু অংশ অধ্যয়ন কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই সামাজিক মাধ্যমত ৰাজহুৱা কৰে কিছু কথা। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত লিখিছে যে-
এখন ৯৬ পৃষ্ঠাজোৰা দস্তাবেজ— সীমিত সমলেৰে প্ৰস্তুত কৰা যদিও এই প্রতিবেদনখনে বহু সত্য উন্মোচন কৰিছে। প্রতিবেদনখনৰ কেইটামান বিশেষ বাক্যই মনটো গধুৰ কৰি তুলিলে, আৰু ভাবিবলৈ বাধ্য কৰালে যে কিমান সহজে মানুহে শিপা পাহৰি কেৱল নিজৰ অভিপ্রায় সিদ্ধিৰ বাবে উত্তৰ প্রজন্মৰ ভৱিষ্যতকো বিনিময় কৰিবলৈ কুণ্ঠাবোধ নকৰে।
আমাৰ দুখ এগৰাকী পিতৃৰ পতনৰ বাবে নহয়, দুটি নিষ্পাপ সন্তানৰ ভৱিষ্যতৰ কণ্ঠ মূক কৰি তোলাক লৈহে। সেই দুটি সন্তানৰ পৰা কি কাঢ়ি নিয়া হৈছে— তাক উপলব্ধি কৰিবলৈও তেওঁলোকৰ বয়স কম। মোৰ প্ৰাৰ্থনা তেওঁলোকৰ সৈতে সদায় থাকিব।
উল্লেখ কৰা প্ৰয়োজন যে, আৰক্ষী বিষয়া মুন্না প্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰি দিয়া এছ আই টিৰ প্ৰতিবেদন অধ্যয়ন কৰি পৰ্যায়ক্ৰমে আইনী ব্যৱস্থা লোৱাৰ কথা সদৰি কৰিছে মুখ্যমন্ত্ৰীয়ে। ইফালে কংগ্ৰেছেও প্ৰত্যাহ্বান জনাইছে যে, হিমন্ত বিশ্ব শৰ্মাই কোৱাৰ দৰে এছ আই টি প্ৰতিবেদনত একো নাই বাবেই মুখ্যমন্ত্ৰীয়ে এতিয়া আবোল তাবোল বকিবলৈ আৰম্ভ কৰিছে।