/asomiyapratidin/media/media_files/2025/11/10/1-2025-11-10-18-31-09.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত এক যোগদান কাৰ্যসূচীৰ আয়োজন কৰা হয়। বিভিন্ন ৰাজনৈতিক দলৰ পৰা প্ৰায় ১৩৩৫ জন নেতা-কৰ্মীয়ে আজি আনুষ্ঠানিক ভাবে কংগ্ৰেছ দলত যোগদান কৰে।
কংগ্ৰেছৰ উক্ত যোগদান কাৰ্যসূচীত উপস্থিত থাকে ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, বিধায়ক ৱাজেদ আলী চৌধুৰী, বিধায়ক আব্দুছ ছোবাহান আলি সৰকাৰৰ লগতে জিলা কংগ্ৰেছৰ নেতা-কৰ্মী সকল উপস্থিত থাকে।
আজি কংগ্ৰেছৰ যোগদান কাৰ্য্যসূচীত বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। ছয় জনজাতিকৰণ সম্পৰ্কে মুখ্যমন্ত্ৰীক সমালোচনা কৰি ৰকিবুল হুছেইনে কয়, হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ যোগ্য নহয়।
তাৰোপৰি সমগ্ৰ অসমত মহিলা উদ্যমিতা আঁচনিৰ ধন বিতৰণ কাৰ্য্যসূচীৰ পেণ্ডেল নিৰ্মাণৰ বাবে খৰচ কৰিছে ২০ কোটি টকা। ৰাইজৰ টেক্সৰ টকাৰে কিয় পেণ্ডেল নিৰ্মাণ কৰিছে বুলি বিজেপি প্ৰশ্ন কৰে সাংসদ গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us