/asomiyapratidin/media/media_files/2025/11/23/301-2025-11-23-23-20-39.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : এটা সামাজিক পৰ্টেলত টাইপা সভাপতি দিগন্ত তামুলীৰ সৈতে অনুষ্ঠিত এক আচুতীয়া সাক্ষাৎকাৰত টাই আহোম সমাজৰ বহুবছৰৰ দাবী, আন্দোলন আৰু সমালোচনাৰ ৰাজনৈতিক পৰিস্থিতি বিষয়ে বিস্তৃতভাৱে আলোচনা কৰে। দিগন্ত তামুলীৰ মতে, “আহোমে কেতিয়াও আহোমৰ মুখ্যমন্ত্ৰী নিবিচাৰে; আহোমে সদায় যোগ্য আৰু সক্ষম ব্যক্তিক ক্ষমতাৰ দায়িত্ব দিব বিচাৰে।”
তামুলীয়ে কয় যে টাই আহোম সমাজে চাৰি দশক ধৰি ST স্বীকৃতিৰ দাবীত আন্দোলন কৰি আহিছে, কিন্তু তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰে বহু আশ্বাস দিয়া স্বত্বেও এই দাবী পূৰণ নকৰিলে। জনজাতিকৰণত কংগ্ৰেছৰ এই প্ৰত্যাহ্বানই টাই জনগোষ্ঠীৰ মাজত অসন্তোষ সৃষ্টি কৰিছিল আৰু ২০১৬ চনৰ নিৰ্বাচনত তৰুণ গগৈৰ কংগ্ৰেছ চৰকাৰক ক্ষমতাৰ পৰা বহিস্কাৰ কৰা হৈছিল।
তামুলীৰ বক্তব্য অনুসৰি, কংগ্ৰেছ চৰকাৰে জনজাতিকৰণ প্ৰক্ৰিয়া আগবঢ়াব নোৱৰাৰ অন্য এজন মুখ্য কাৰণ আছিল অসমত মিঞা মুছলমানৰ বাট মুকলি কৰাৰ চিন্তা। টাইপা সভাপতিয়ে অভিযোগ উত্থাপন কৰে যে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰাৰ সময়ত বহু লোক সক্ৰিয় আছিল যদিও অনুপ্ৰৱেশকাৰী মিঞা বাংলাদেশীৰ বিষয়ত একো সঁহাৰি দেখা নগ'ল।
বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিষয়ে তামুলীয়ে উল্লেখ কৰে - “তেখেত সিদ্ধান্ত ল'ব পৰা সক্ষম, দৃঢ় আৰু কার্যক্ষম নেতা। যিকোনো সিদ্ধান্ত তেওঁ লঁও বুলিলে ল'ব পাৰে। সিদ্ধান্ত কাৰ্যকৰীকৰণৰ ক্ষেত্ৰত যিমান যি বাধা আহিলেই তেওঁ কাৰ্যকৰী কৰিব পৰা ক্ষমতা আছে। গতিকে টাই আহোমৰ জনজাতিকৰণৰ দাবী পুৰণ কৰিব পৰা ক্ষমতা থকা মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। তেখেতৰ ওপৰত আমাৰ সম্পূণ আস্থা আছে। তেওঁ অসমৰ জনসংখ্যাগত পৰিৱর্তন, সংস্কৃতি আৰু জাতিগত পৰিচয়ৰ ওপৰত মিঞা অনুপ্ৰৱেশৰ প্ৰভাৱৰ কথাও উল্লেখ কৰে। তামুলীৰ মতে, এই পৰিস্থিতিয়ে ৰাজ্যৰ সমাজ–ৰাজনৈতিক পৰিসৰৰ আঁচনি বহুলৈকে সলনি কৰিছে আৰু নৱপ্ৰজন্মে এই বিষয়বোৰ গভীৰভাৱে উপলব্ধি কৰি আগবাঢ়িব লাগিব।
টাইপা সভাপতি দিগন্ত তামুলী মতে, ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰিলে ভাৰতীয় সংবিধানৰ আৰ্হিৰ ভিতৰত খিলঞ্জীয়া জনগোষ্ঠীৰ অধিকাৰ আৰু ভবিষ্যৎ অধিক সুৰক্ষিত হ'ব। জনজাতিকৰণ কোনো দলীয় ৰাজনীতিৰ বিষয় নহয়, ই অসমীয়াৰ অস্তিত্ব আৰু পৰিচয়ৰ সৈতে জড়িত। লগতে তেওঁ এই কথাষাৰ সকীয়াই দিয়ে - চৰকাৰে ছয় জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান কৰি অসমীয়া সমাজৰ বহুদিনৰ আশা পূৰণ কৰক; নহ'লে আগন্তুক সময়ত ৰাইজৰ প্ৰতিক্ৰিয়াই ৰাজনৈতিক সমীকৰণ পৰিবর্তন কৰি তুলিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us