/asomiyapratidin/media/media_files/2025/12/28/1-2025-12-28-23-29-57.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ৰাইজৰ দল ধেমাজি বিধান সভা সমষ্টিৰ উদ্যোগত ধেমাজি নগৰস্থিত
ভৰালীচুকৰ স্বাগত হোটেলত দেওবাৰে কৰ্মী সকলৰ এখনি যোগদান কাৰ্য্যসূচী অনুষ্ঠিত হয় ৷ বিয়লি ১ বজাত অনুষ্ঠিত হোৱা কাৰ্য্যসূচীৰ আদৰণি ভাষণ দিয়ে ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ উপ- সভাপতি বাবুল সোনোৱালে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2025-12-28-23-28-34.jpeg)
অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি কৰ্মী সকলক উদ্দেশ্যি বক্তব্য ৰাখে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ বিধান সভাৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে ৷ বক্তব্যত সভাপতি গৰাকীয়ে কয় যে, আগন্তুক ২০২৬ চনৰ বিধান সভাৰ নিৰ্বাচনৰ বাবে ৰাইজৰ দলৰ সকলো কৰ্মীকে হাজো হ'বলৈ জনোৱাৰ লগতে ইয়াৰ ৰণকৌশল প্ৰস্তুত কৰাকলৈ প্ৰত্যেক গাঁৱে গাঁৱে দলৰ কৰ্মী সকলক নিৰ্দেশ দিয়া হৈছে বুলিও উল্লেখ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2-2025-12-28-23-28-49.jpeg)
ইফালে অহা ২০২৬ চনৰ নিৰ্বাচনত প্ৰধান শত্ৰু বিজেপি দল , চৰকাৰক যি কোনো প্ৰকাৰে হলেও পৰাভূত কৰা বৈ লাগিব বুলি অৱগত কৰি মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই কেৱল হিন্দু , মুছলমান ৰাজনীতি কৰি
জাতি জনগোষ্ঠীৰ মাজত সংঘাতৰ সৃষ্টি কৰাৰ অভিযোগ কৰে ৷
ৰাজ্যৰ উন্নয়নৰ নামত ভেকুভাওনা কৰি ব্যাপক দুৰ্নীতি, কেলেংকাৰী আশ্ৰয় লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব
শৰ্মাই হাজাৰ,হাজাৰ টকাৰ ঋণ লৈ ভোটৰ অংকত কেৱল বেনিফ্ৰিচাৰী সৃষ্টি কৰা নাটকখনৰ বিষয়ে ৰাইজে এতিয়া নুবুজাকৈ থকা নাই বুলিও উল্লেখ কৰে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-imag-2025-12-28-23-29-03.jpeg)
কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ সৰ্ম্পকে সাংবাদিকে কৰা প্ৰশ্নত ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে আমাৰ মাজত প্ৰাৰ্থীত্বকলৈ কোনো সংঘাত ন'হব বুলি উল্লেখ কৰি ৰাইজৰ দলৰ য'ত ভাৱমূৰ্ত্তি ভাল তাতহে ৰাইজৰ দলে কংগ্ৰেছৰ পৰা প্ৰাৰ্থীত্ব বিচাৰিব বুলিও কয় ৷
আসনলৈ শেহতীয়াকৈ যোৱা কালি লখিমপুৰত প্ৰদেশ কংগ্ৰেছে প্ৰেৰণ কৰা বিশেষ প্ৰতিনিধিৰ সৈতে মোৰ লগত কথাবাৰ্তা হৈছে ৷ মিত্ৰতা আৰু প্ৰাৰ্থীত্বকলৈ আমাৰ কোনো সংঘাত নাই বুলিও তেওঁ জনায় ৷ ছয় জনগোষ্ঠীৰ বিষয় লৈ সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সভাপতি গগৈয়ে ছয় জনগোষ্ঠীলৈ উভয় পক্ষকে প্ৰবঞ্চনা কৰিছে বুলি অভিযোগ কৰে৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-ima-2025-12-28-23-29-19.jpeg)
বিশেষকৈ একাংশৰ ছয় জনগোষ্ঠীৰ নেতাই বিজেপি আৰু মুখ্যমন্ত্ৰীৰ সৈতে থকা হলিগলি বাবেই ছয় জনগোষ্ঠীক জনজাতি কৰণৰ নামত এই চূড়ান্ত প্ৰবঞ্চনা বুলিও উল্লেখ কৰে ৷ ছয় জনগোষ্ঠীয়ে জনজাতি পাবলৈ হ'লে নীতিত থকা ছয় জনগোষ্ঠীৰ নেতা সকলক পুন আন্দোলন কৰিবলৈও অখিল গগৈয়ে পৰামৰ্শ দিয়ে ৷
ইফালে আজি অসমলৈ গৃহমন্ত্ৰীৰ অমৃত শ্বাহৰ বিষয়লৈ কৰা প্ৰশ্নত গগৈয়ে ধৰ্মকলৈ অসমত হিন্দু , মুছলমানৰ ৰাজনীতি কৰি আমাৰ মাজত সংঘাত সৃষ্টি কৰিবলৈহে অসমলৈ গৃহমন্ত্ৰী অমৃত শ্বাহ আহিছে বুলি তেওঁ অভিযোগ কৰে ৷ অখিল গগৈয়ে বক্তব্যত গৃহমন্ত্ৰী শ্বাহক হিন্দু , মুছলমানৰ ৰাজনীতি কৰিবলৈ অসমলৈ নাহিবলৈ সক্ৰিয়াই দিয়ে ৷
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-2-2025-12-28-23-28-49.jpeg)
সভাত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ উপস্থিতত বিজেপি,কংগ্ৰেছ,অগপ,গণ শক্তি আৰু জাতীয় পৰিষদকে ধৰি অন্যান্য দল আৰু সংগঠনৰ প্ৰায় তিনি শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে ৰাইজৰ দলত যোগদান কৰে ৷ ৰাইজৰ দলত যোগদান কৰা কৰ্মী সকলক একোখনকৈ দলীয় গামোছাৰে অখিল গগৈয়ে প্ৰত্যেককেই আদৰণি জনাই যোগদানৰ অন্তত সকলোকে সভাপতি অখিল গগৈয়ে শপত বাক্য পাঠ কৰায় ৷
সভাত ৰাইজৰ দলৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক নৱজিৎ গগৈ,ৰাইজৰ দলৰ ভাষিক সংখ্যালঘু কোষৰ সভাপতি ৰনজিৎ ৰয় , জাতীয় যুৱ বাহিনী কেন্দ্ৰীয় সমিতিৰ সম্পাদক ৰুদ্ৰ ভুঞা , ৰাইজৰ দলৰ চিচিবৰগাঁও বিধান সভাৰ সমষ্টিৰ সভাপতি ভৱেশ পেগু আৰু নাৰায়ণ বৰাই উপস্থিত থাকে ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us