ৱৰ্ল্ড ইক'নমিক ফ'ৰামৰ বাবে জুৰিখত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা...

ডিজিটেল ডেস্কঃ এক গভীৰ প্ৰত্যয়ভৰা পদক্ষেপ লৈ ছুইজাৰলেণ্ডৰ ডাভোগত অনুষ্ঠিত ৱর্ল্ড ইকনমিক ফ'ৰামত ভাগ ল'বলৈ সোমবাৰে পুৱাই জুৰিখত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা।

author-image
Asomiya Pratidin
New Update
ujjjdd

ডিজিটেল ডেস্কঃ এক গভীৰ প্ৰত্যয়ভৰা পদক্ষেপ লৈ ছুইজাৰলেণ্ডৰ ডাভোগত অনুষ্ঠিত ৱর্ল্ড ইকনমিক ফ'ৰামত ভাগ ল'বলৈ সোমবাৰে পুৱাই জুৰিখত উপস্থিত হৈছে ৰাজ্যৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা। উল্লেখ্য, ইতিহাসত প্ৰথমবাৰৰ বাবে অসমে বিশ্বৰ সৰ্ববৃহৎ অতিশয় কার্যকৰী বাণিজ্যিক সম্মিলন ব্রন্ড ইক'নমিক ফ'ৰামৰ বার্ষিক সম্মিলনত ভাগ লৈছে। ১৯ জানুৱাৰীৰ পৰা ২৩ জানুৱাৰীলৈ পাঁচদিনীয়াকৈ অনুষ্ঠিত ৱর্ল্ড ইক'নমিক ফ'ৰামত অসমৰ বিনিয়োগ, অর্থনীতি আদিকে ধৰি অসমৰ সর্বাংগীণ উন্নয়নৰে জড়িত ভিন্ন বিষয়ত আলোচনা সত্রত মিলিত হ'ব আৰু একাধিক বুজাবুজি চুক্তিত স্বাক্ষৰ কৰিব।

ডাভোদৰ বিশ্ব বাণিজ্য সম্মিলনত অসমৰ অংশগ্রহণ এক বৃহৎ পদক্ষেপৰ অভিলাষী 'ভিজন' হিচাপে ইতিমধ্যে চর্চিত হৈছে। মুখ্যমন্ত্রী ড' হিমন্ত বিশ্ব শর্মাই এই সম্মিলনত বিশ্বৰ শীর্ষস্থানীয়, উন্নত দেশৰ ৰাষ্ট্রপ্রধানেই নহয়, বৃহৎ বহুজাতিক কোম্পানীৰ চিইঅ', বিশ্ববেংক, আন্তঃৰাষ্ট্ৰীয় মুদ্রানিধি, বিশ্ব বাণিজ্য সংস্থাৰ মুৰব্বী আদিৰ সৈতে সাক্ষাতত মিলিত হ'ব। দেওবাৰে নিশা দিল্লীৰ পৰা ছুইজাৰলেওলৈ বুলি উৰা মৰা মুখ্যমন্ত্রী ড' হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে জুৰিখত উপস্থিত হোৱাৰ পাছতে জুৰিখ বিমানবন্দৰত প্ৰবাসী ভাৰতীয় সমাজে তেওঁক উষ্ম আদৰণি জনায়।

ইয়াৰ পাছতে ৱর্ল্ড ইক'নমিক ফ'ৰাম ২০২৬ৰ অংশ হিচাপে জুৰিখত ছিংগাপুৰৰ ৰাষ্ট্ৰপতি খাৰমান দম্মুগৰত্নমৰ সৈতে তেওঁ সাক্ষাতত মিলিত হয়। এই সাক্ষাতৰ পাছত মুখ্যমন্ত্রীয়ে কয় যে সদায়ৰ দৰেই ভাৰতৰ প্ৰতি তেখেতৰ উষ্ম প্রকাশভংগী আৰু অভিবাদনে আমাৰ মত বিনিময়ৰ সময়ছোৱা অধিক উজ্জীৱিত কৰি তুলিছিল। ডাভোদৰ ৱৰ্ল্ড ইকনমিক ফ'ৰামত অংশ লোৱাৰ উদ্দেশ্যে আহি জুৰিখত অৱতৰণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে অন্ধ্র প্রদেশৰ মুখ্যমন্ত্রী চন্দ্রবাবু নাইডু, বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগা আৰু কেন্দ্ৰীয় মন্ত্রী ৰাম মোহন নাইডুৰ সৈতেও সাক্ষাতত মিলিত হয়।

 ইয়াৰ পাছতে মুখ্যমন্ত্রীয়ে ৱর্ল্ড ইক'নমিক ফ'ৰাম বার্ষিক সাধাৰণ সভা ২০২৬ৰ উদ্বোধনী সংগীত অনুষ্ঠান, আদৰণি গ্রহণ অনুষ্ঠান, ম'বেল লাইটহাউছ নেটৱর্ক ডিনাৰকে ধৰি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠক তথা অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। এই লাইটহাউছত অন্তর্ভুক্ত হৈছে অসমৰ গৌৰৱ ডুমডুমান্বিত হিন্দুস্তান ইউনিলিভাৰ ফেক্টৰীটো। ইয়াত ছাইটসমূহৰ নতুন গোট আৰু বিগত বছৰৰ তেওঁলোকৰ সাফল্যসমূহ উদযাপন কৰা হ'ব। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ আজিৰ প্ৰথম দিনৰ কাৰ্যসূচীৰ পাছত মঙলবাৰে অর্থাৎ দ্বিতীয় দিনৰ পৰা বিভিন্ন গুৰুত্বপূৰ্ণ বৈঠক আৰু সাক্ষাৎ খাকিব, যিবোৰে অসম তথা ভাৰতবৰ্ষক উন্নয়নী গতিশীলতা প্ৰদান কৰাত যথেষ্ট সুবিধা প্রদান কৰিব।

হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা