/asomiyapratidin/media/media_files/2025/12/27/web-sc-2025-12-27-09-02-11.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ উচ্ছেদ অভিযান সম্পৰ্কে কৰা শেহতীয়া মন্তব্যই বিশেষ চৰ্চা লাভ কৰিছে। ৰাজ্য চৰকাৰে পশ্চিম কাৰ্বি আংলঙৰ খেৰণিৰ উচ্ছেদৰ সন্দৰ্ভত ৰুজু হৈ থকা গোচৰটোৰ শীঘ্রে ৰায়দানৰ বাবে উচ্চ ন্যায়ালয়ক আহ্বান জনাব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে।
শনিবাৰে দিছপুৰত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কাৰ্বি জনগোষ্ঠীৰ কেইবাটাও দল সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত অংশ লোৱাৰ অন্তত সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে। তেওঁ কয় যে, বিষয়টো ন্যায়ালয়ৰ বিচৰাধীন হৈ থকাৰ বাবে উচ্চেদৰ সন্দৰ্ভত চৰকাৰে কোনো সিদ্ধান্ত লব পৰা নাই।
খেৰণিৰ ভিজিআৰ-পিজিআৰ ভূমিত থকা চৰকাৰী কাৰ্যালয়সমূহ স্থানান্তৰ কৰা হব বুলি উল্লেখ কৰি মুখমন্ত্ৰীগৰাকীয়ে কয় যে, এই অঞ্চলসমূহ সম্পূর্ণৰূপে বেৰা দি বনানীকৰণৰ ব্যৱস্থা কৰা হ'ব। আৰক্ষীৰ গুলিত মৃত্যু হোৱা কার্বি জনগোষ্ঠীৰ পৰিয়ালক ৰাজ্য চৰকাৰে ১০ লাখ টকাৰ ক্ষতিপূৰণ দিব বুলিও মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে।
তেওঁ লগতে কয় যে, ব্যক্তিগৰাকীৰ পৰিয়ালৰ এজন লোকক পৰিষদে চাকৰি দিবলৈ সিদ্ধান্ত গ্রহণ কৰিছে। উল্লেখযোগ্য যে বৈঠকখনত ৰাজহ মন্ত্রী কেশৱ মহন্ত, অসম আৰক্ষীৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ লগতে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙেও অংশ লয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us