/asomiyapratidin/media/media_files/2025/10/08/new-ap-web-3-23-2025-10-08-21-35-15.jpg)
ডিজিটেল ডেস্কঃ চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে অব্যাহত ৰাখিছে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত। ইতিমধ্যে এই গোচৰৰ সৈতে সম্পৰ্কিত ৫ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে চি আই ডিয়ে। সমান্তৰালকৈ চি আই ডিয়ে লাভ কৰিছে জুবিন গাৰ্গৰ দুটা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। ইয়াৰে এটা মৃত্যুৰ পাছত ছিংগাপুৰ জেনেৰেল হাস্পতালত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আনটো ২৩ ছেপ্তেম্বৰত জি এম চি এইছত সম্পন্ন হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন।
ছিংগাপুৰৰ য়ট পাৰ্টিত থকা প্ৰবাসী অসমীয়াসকলৰ বাহিৰে ইতিমধ্যে সেইদিনা ছিংগাপুৰত উপস্থিত থকা প্ৰায়সকলক সোধপোছ কৰিছে চি আই ডিয়ে। কিন্তু প্ৰশ্ন হৈছে কেতিয়া চি আই ডিয়ে দাখিল কৰিব গোচৰটোৰ অভিযোগনামা? আজি এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে।
আজি তেওঁ ডিব্ৰুগড়ৰ লাহোৱালত সাংবাদিকৰ আগত এই বিষয়ত মন্তব্য কৰি কয় যে, তিনি মাহৰ ভিতৰত দাখিল কৰা হ’ব অভিযোগনামা। তেওঁ কয়, "জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ আমি বদ্ধপৰিকৰ। আমি কাকো ৰেহাই নিদিও। এটাৰ পাছত আন এটাক গ্ৰেপ্তাৰ কৰিছো। অসম পুলিচে নিৰ্ধাৰিত সময়ত অভিযোগনামা দিবলৈ সক্ষম হ'ব।
তেওঁ ছিংগাপুৰৰ প্ৰবাসী লোকসকল এছ আই টিৰ কাষলৈ নহাৰ বাবে কিছু সমস্যাৰ সৃষ্টি হৈছে বুলি উল্লেখ কৰি আৰু কয়, তেওঁলোকক আনিবলৈ আমি ব্যৱস্থা কৰি আছো। অসম চৰকাৰ জুবিন গাৰ্গৰ ঘটনাক লৈ অতি ছিৰিয়াচ, আমি ন্যায় প্ৰদান কৰিম।
তেওঁ আৰু কয়, আদালতৰ মজিয়াত বিচাৰ যাতে সঠিকভাৱে হয় তাৰ বাবে তিনি মাহৰ ভিতৰত আমি অভিযোগনামা দিবলৈ চেষ্টা কৰিম। আমি নিশ্চিত যে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবলৈ সক্ষম হ'ম।"
মন কৰিবলগীয়া যে, চি আই ডিৰ এটা দলে ছিংগাপুৰলৈ তদন্তৰ বাবে যাবলৈ সাজু হৈ আছে বুলি এছ আই টিৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তাই উল্লেখ কৰিছিল যদিও মুখ্যমন্ত্ৰীয়ে অবশ্যে আজি এই সন্দৰ্ভত পৃথক মন্তব্যহে প্ৰদান কৰিছে। তেওঁ কয়, অসম আৰক্ষীয়ে ছিংগাপুৰলৈ যাব নোৱাৰে।কিন্তু ছিংগাপুৰ আৰক্ষীয়ে আমাক সহায় কৰিব বুলি আমি নিশ্চিত।
মুখ্যমন্ত্ৰীগৰাকীয়ে জনাইছে অক্টোবৰ মাহতে দিল্লীত ছিংগাপুৰৰ ৰাষ্ট্ৰদূতক তেওঁ সাক্ষাৎ কৰিব। অসম আৰু ছিংগাপুৰৰ মাজত থকা সম্পৰ্কৰ বাবেই ছিংগাপুৰ আৰক্ষীৰ পৰা সঠিক সহায় লাভ কৰিব বুলিও নিশ্চিত বুলি উল্লেখ কৰিছে ড০ শৰ্মাই।