জুবিন গাৰ্গৰ সোঁৱৰণত ৫৩ টাকৈ স্থানত 'জীৱন সুৰভি' শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ বিজেপিৰ

ৰাজ্যৰ ৫৩ টা স্থানত আজি শিল্পীগৰাকীৰ সোঁৱৰণত ৰক্তদান শিবিৰৰ আয়োজন কৰা হৈছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি পুৱা ৯ বজাত শিবিৰ মুকলি কৰিছে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-18 at 12.40.38 PM

ডিজিটেল সংবাদ,গুৱাহাটীঃ  জনতাৰ শিল্পী জুবিন গাৰ্গৰ অবর্তমানত আজি শিল্পীগৰাকীৰ অনুৰাগীসকলে তেওঁৰ ওপজা দিন উদযাপন কৰিছে। এই উপলক্ষে গুৱাহাটীৰ সৰুসজাই আৰু সোণাপুৰৰ জুবিন ক্ষেত্ৰত পুৱাৰে পৰা বিভিন্ন কার্যসূচী লোৱা হৈছে।

ৰাজ্যৰ ৫৩ টা স্থানত আজি শিল্পীগৰাকীৰ সোঁৱৰণত বিজেপিয়েৰক্তদান শিবিৰৰ আয়োজন কৰিছে। বিজেপিৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়াই আজি পুৱা ৯ বজাত জীৱন সুৰভী শীৰ্ষক এই শিবিৰ মুকলি কৰে। বিয়লি ২ বজাত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই খানাপাৰা খেলপথাৰত আয়োজিত এই শিবিৰত ৰক্তদান কৰিব বুলি জানিব পৰা গৈছে।

আনহাতে, সদৌ অসম ছাত্র সন্তাৰ আহ্বান মর্মে আজি সদৌ ডিব্রুগড় জিলা ছাত্র সন্থাই জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন পালন কৰিবলৈ লৈছে। এই উপলক্ষে জিলাখনৰ বিভিন্ন প্রান্তত কালি গছপুলি ৰোপণ কৰা হয়।

সমান্তৰালকৈ আছুৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মর্মে আজি কামৰূপ মহানগৰ জিলা ছাত্র সন্থাৰ উদ্যোগত শিল্পীগৰাকীৰ জন্মদিন পালন কৰা হ'ব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু কটনীয়ানৰ সহযোগত কালিৰে পৰা শিল্পীগৰাকীৰ ওপজা দিন জুবিন সপ্তাহ হিচাপে পালন কৰা হৈছে।

উল্লেখ্য যে, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে তেওঁক শ্রদ্ধাঞ্জলি জনোৱাৰ বাবে ৰাজ্যখনৰ প্রায় ৩০০ শিল্পীয়ে বুধবাৰে সন্ধিয়া গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্রতিষ্ঠানৰ খেলপথাৰত সমবেত হ'ব। এইদৰেই এতিয়া শিল্পী গৰাকীৰ অবৰ্তমানত তেওঁৰ উপজা দিন উদয়াপন কৰিছে ৰাজ্য়বাসীয়ে।

জুবিন গাৰ্গ