সাৱধান! সামাজিক মাধ্যমত লিখিলেই নহ'ব, CID ক দিব লাগিব সকলো তথ্য...

গৰিমা শইকীয়া গাৰ্গৰ বিৰুদ্ধেও একাংশই অশোভনীয় কথা লিখিবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত।এই কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়টোকো গুৰুত্ব সহকাৰে লোৱা হ'ব।

author-image
Asomiya Pratidin
New Update
new ap web 7 (6)

ডিজিটেল ডেস্কঃ  প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক সহজভাৱে ল'ব পৰা নাই ৰাইজে। সামাজিক  মাধ্যমতে অভিযুক্ত সকলৰ ওপৰত ক্ষোভ উজাৰিছে একাংশই। কোনোৱে যদি তেওঁৰ মৃত্যুক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰি তদন্তৰ দাবী জনাইছে, একাংশই কিন্তু লক্ষ্য কৰি লৈছে জুবিন পত্নী গৰিমাক।

ৰাজ্যৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে হিমন্ত বিশ্ব চৰকাৰে। আজি সন্ধিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেল সম্বোধন কৰি জনাই যে, বিগত তিনি দিনে যুগ নায়ক গৰাকীক যি সকলে অসন্মান কৰিলে তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব প্ৰশাসনে।

শ্ৰীশৰ্মাই কয়, অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পাছতে আৰম্ভ হ’ব গ্ৰেপ্তাৰ কৰাৰ প্ৰক্ৰিয়া। যিসকলৰ লগত জুবিন গাৰ্গৰ ঘটনাৰ সন্দৰ্ভত কিবা তথ্য আছে সেই তথ্য চি আই ডিৰ হাতত অৰ্পণ কৰিবলৈ আহ্বান জনায়। লগতে যিসকলে বিতৰ্কৰ সৃষ্টি কৰিছে তেওঁলোকো সন্মখীন হ'ব তদন্তৰ। 

গৰিমা শইকীয়া গাৰ্গৰ বিৰুদ্ধেও একাংশই অশোভনীয় কথা লিখিবলৈ আৰম্ভ কৰিছে সামাজিক মাধ্যমত।এই কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, এই বিষয়টোকো গুৰুত্ব সহকাৰে লোৱা হ'ব। যিসকলে সামাজিক মাধ্যমত লিখিছে তেওঁলোকক চি আই ডিলৈ মতা হ’ব। তথ্যৰ আধাৰত কোৱা সকলো কথাকে সন্মানেৰে ল’ব চৰকাৰে। 

উল্লেখ কৰা প্ৰয়োজন যে, কাইলৈ ২ বজাৰ পাছত কোনো ব্যক্তিয়ে দোকান-পোহাৰ বন্ধ কৰিব বিচাৰিলে চৰকাৰ তেওঁলোকৰ বিৰুদ্ধে অত্যন্ত কঠোৰ হ’ব বুলিও কয় মুখ্যমন্ত্ৰীয়ে। আজি নিশাও যদি কোনোৱে জুবিনক অসন্মান কৰি উদ্ভণ্ডালি কৰে তেওঁলোকক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে বুলি সংবাদ মেলত জনাই মুখ্যমন্ত্ৰীয়ে। 

গৰিমা গাৰ্গ