/asomiyapratidin/media/media_files/2026/02/19/fdfdfd-2026-02-19-15-42-40.jpg)
ডিজিটেল ডেস্কঃ অসম বিধানসভাৰ পঞ্চদশ বাজেট অধিৱেশনৰ অন্তিমটো দিন প্ৰশ্নোত্তৰ শিতানেৰে আৰম্ভ হয়। অধিৱেশনৰ শেষৰ দিনটোত সদনত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জল-সম্পদ বিভাগৰ কাম-কাজৰ উচ্চ প্ৰশংসা কৰে।
মুখ্যমন্ত্ৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে যে, অসমত মথাউৰিৰ ওপৰত ৰাস্তা নিৰ্মাণ হ’ব বুলি আগতে কোনেও কল্পনা কৰিব পৰা নাছিল, কিন্তু বৰ্তমান সময়ত সেই ধাৰণাই বাস্তৱ ৰূপ লৈছে। তেওঁ লগতে উল্লেখ কৰে যে, জল-সম্পদ বিভাগে কেৱল মথাউৰি মজবুত কৰা নাই, বৰং ইয়াক জনসাধাৰণৰ উপযোগী কৰি উন্নয়নৰ নতুন পথ মুকলি কৰিছে। বিশেষকৈ জল-সম্পদ মন্ত্ৰী পীয়ুষ হাজৰিকাৰ নেতৃত্ব আৰু প্ৰশাসনিক দক্ষতাৰো মুখ্যমন্ত্ৰীয়ে প্ৰশংসা কৰে। বান নিয়ন্ত্ৰণ ক্ষেত্ৰত বিভাগটোৱে নতুন দিশ উন্মোচন কৰিছে বুলি মন্তব্য কৰে ড০ হিমন্ত বিশ্ব শৰ্মাই।
উল্লেখযোগ্য যে, সদনত উপস্থিত বিৰোধী শিবিৰৰ বিধায়ক অখিল গগৈয়েও মুখ্যমন্ত্ৰীৰ ভাষণৰ মাজতেই জল-সম্পদ বিভাগৰ এই বিশেষ উদ্যোগক শলাগ জনায়। অন্তিম দিনা এই বিষয়ত শাসক-বিৰোধী উভয় পক্ষৰ একমত অৱস্থান লক্ষ্য কৰা যায়। বাজেট অধিৱেশনৰ শেষৰ দিনটোত উন্নয়নমূলক এই বিষয়ক কেন্দ্ৰ কৰি সদনত সৃষ্টি হোৱা ইতিবাচক পৰিৱেশে ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰত এক তাৎপৰ্যপূর্ণ বাৰ্তা প্ৰেৰণ কৰা বুলি পৰ্যবেক্ষকসকলে মত প্ৰকাশ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us